অসম

শিৱসাগৰত অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

প্ৰথম খবৰ : শিৱসাগৰ ,১২ আগষ্ট : শিৱসাগৰ বৰপুখুৰীৰ পাৰৰ শিৱসাগৰ যুৱদলৰ সভাকক্ষত অসম নাট্য সন্মিলন সৌমাৰপীঠ মণ্ডলৰ এখনি কাৰ্যনিৰ্বাহক সভা সৌমাৰপীঠ মণ্ডলৰ সভাপতি ৰজনী চাংকাকতিৰ সভাপতিত্বত অনুষ্ঠিত হয় ।উক্ত সভাৰ আসন অলংকৃত কৰে উপসভাপতি অৰুণ বৰঠাকুৰ , সৌমাৰপীঠ মণ্ডলৰ প্ৰাক্তন সভাপতি আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি সুৰেশ শইকীয়াই । সম্পাদক টুটু বৰুৱাই উদ্দেশ্যে বাখ্যা কৰা সভাত গত সভাৰ কাৰ্যবিৱৰণী পাঠও কৰে আৰু কাৰ্যবিৱৰণী গৃহীত কৰে ।আগন্তুক অসম নাট্য সন্মিলন মণ্ডলৰ অধীনত থকা শাখা আৰু জিলা সমিতিক কেনেকৈ সক্ৰিয় কৰাৰ ওপৰত বিস্তৃত ভাবে আলোচনা কৰা হয় । অসম নাট্য সন্মিলন শিৱসাগৰ জিলা সমিতি আৰু ডিমৌ শখাৰ আমন্ত্ৰণ মৰ্মে জিলা অধিবেশনৰ লগতে সৌমাৰপীঠ মণ্ডলৰ অধিবেশন আৰু মাণ্ডলিক নাট প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰ ওপৰত বিশেষ ভাৱে আলোচনা কৰা হয় ‌। আলোচনাত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়, সিদ্ধান্ত সমুহ কা্ৰ্য্যকৰী কৰাৰ ক্ষেত্রত নাট্য সন্মিলনৰ নিয়ম নীতি আৰু সংবিধানৰ নীতি অনুসৰি কাৰ্য্য পৰিচালনা কৰিব লাগিব বুলি সভাত মন্তব্য দাঙি ধৰে সভাপতি ৰজনী চাংকাকতিয়ে । আজি সভাত শিৱসাগৰ জিলা সমিতি আৰু ডিমৌ শাখাৰ তত্ত্বাৱধানত অনুষ্ঠিত হবলগীয়া অধিবেশন আৰু মাণ্ডলিক নাট প্ৰতিযোগিতা খনি সুচাৰোৰূপে অনুষ্ঠিত কৰিবলৈ সকলোৰে সহযোগিতা বিচাৰি কেনেধৰণে অগ্ৰগতি লাভ কৰিছে সেই সম্পৰ্কে মন্তব্য দাঙি ধৰিবৰ বাবে শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি ৰূপক ভূঞাৰ পৰা সম্পাদক টুটু বৰুৱাৰ পৰা জানিব বিচাৰে । ৰূপক ভূঞাই বিস্তৃত ভাৱে শিৱসাগৰ জিলা অধিবেশনৰ লগতে মাণ্ডলিক নাট প্ৰতিযোগিতা আৰু অধিবেশন কেনেকৈ অনুষ্ঠিত কৰিব তাৰ ওপৰত সম্পূৰ্ণ তথ্য দাঙি সভাৰ লগতে সকলো পক্ষকে অৱগত কৰে। বাজেট ১৪ লাখ টকাৰে দুটা কাৰ্যসূচী অনুষ্ঠিত কৰা হব । এই অনুষ্ঠানতে ২০০০ পৃষ্ঠাৰ “শিল্পীৰ পৃথিৱীৰ ” নামেৰে এখনি শিল্পীৰ জীৱনপঞ্জী প্ৰকাশ কৰা হব বুলি জানিব পৰা গৈছে । এই শিল্পীৰ জীৱন পঞ্জী শিৱসাগৰ জিলাৰ ভিত্তিত প্ৰকাশ কৰা হব । আৰু কি কি কাৰ্যসূচী অন্তৰ্ভুক্ত হৈছে সকলো বিলাকৰ বিস্তৃত বিৱৰণ দাঙি ধৰে । সভাত এক সিদ্ধান্ত গ্ৰহণ কৰা হয় সৌমাৰপীঠ মণ্ডলৰ অন্তৰ্গত সকলো শাখাক অৱগত কৰা হৈছে যে যিসকল শাখাই মাণ্ডলিক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে সেই সকল শাখাই ১৫ নবেম্বৰৰ ভিতৰত তিনিটাকৈ পাণ্ডুলিপি সৌমাৰপীঠ মণ্ডলৰ সম্পাদকৰ হাতত জমা দিবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰে । এই সভাতে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় । উপস্থিত থাকে অসম নাট্য সন্মিলন কেন্দ্ৰীয় সমিতিৰ সদস্য তথা শিৱসাগৰ শাখাৰ সম্পাদক সঞ্জীৱ ফুকন, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক সঞ্জীৱ বৰা, তিনিচুকীয়া জিলাৰ সম্পাদক পল্লৱ শৰ্মা, মণ্ডলৰ সদস্য জিতেন দাস, সোণাৰী শাখাৰ সভাপতি দীপক কুমাৰ কলিতা, সহকাৰী সম্পাদক নৱজ্যোতি খাণ্ডাধৰা , মণ্ডলৰ কাৰ্যালয় সম্পাদিকা পূণিমা বৰুৱা আদি উপস্থিত থাকে ।টুটু বৰুৱাই শলাগৰ শৰাই আগবঢ়াই সভাখন অনুষ্ঠিত কৰিবলৈ দিয়াৰ বাবে শিৱসাগৰ যুৱদলক আৰু উপস্থিত সমূহ সদস্যক শলাগৰ শৰাই আগবঢ়াই । সভাতেই অসম নাট্য সন্মিলন ডিমৌ শাখা আৰু শিৱসাগৰ জিলা সমিতিক জিলা অধিবেশনৰ লগতে সৌমাৰপীঠ মণ্ডলৰ নাট প্ৰতিযোগিতা আৰু অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে যি দায়িত্বৰে সম্প্ৰতি অাগবাঢ়াই নিছে তেখেত সকলকো অভিনন্দন জনাই । দুয়োটা কাৰ্যসূচী সবাঙ্গ সুন্দৰ আৰু সাফল্যমণ্ডিত কৰিবৰ বাবে সৌমাৰপীঠৰ সমূহ সদস্যই ডিমৌ শাখা আৰু জিলা সমিতিক সকলো প্ৰকাৰৰ সহযোগিতা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় |

Related Articles

Leave a Reply

Close