অসম

শ্বহীদৰ প্ৰতি সন্মান জনাই গুৱাহাটী প্ৰেছ ক্লাবত পতাকা উত্তোলন

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি: অগনন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা ভাৰতৰ স্বাধীনতাৰ অনন্য উৎসৱ সমগ্ৰ দেশৰ লগতে আজি গুৱাহাটী প্ৰেছ ক্লাবতো পালন কৰা হয়। সাংবাদিক আৰু দেশপ্ৰেমিক জনসাধাৰণৰ উপস্থিতিত আজি বৃহস্পতিবাৰে পুৱা ১১ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাই। পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰূপম বৰুৱাই কয় যে উগ্ৰবাদীৰ ভাবুকি নেওচি ১৯৯৮ চনৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিক তথা দেশপ্ৰেমিক নাগৰিকে জাতীয় পতাকা উত্তোলনৰে এক অসাধাৰণ দৃষ্টান্ত দাঙি ধৰি আহিছে । আজি ৰাজ্য খনৰ চুবুৰীয়ে চুবুৰীয়ে শ্বহীদক স্মৰণ কৰি পতাকা উত্তোলন কৰা কাৰ্যসূচীক আশাব্যঞ্জক পৰিক্ৰমা বুলি মতপ্ৰকাশ কৰে জেষ্ঠ সাংবাদিক বৰুৱাই । তেওঁ লগতে সাংবিধানিক সুৰক্ষা আৰু সংবিধানৰ দোহাই দি অনবৰতে বিভিন্ন অধিকাৰ দাবী কৰি অহা সংগঠন আৰু ব্যক্তি বিশেষক সৰ্বপ্ৰথমে শ্বহীদৰ প্ৰতি সম্মান জনাবলৈকো আহ্বান জনায় আজিৰ অনুষ্ঠান স্হলীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে সাংবাদিক ৰনেন কুমাৰ গোস্বামীয়ে এই দিৱসৰ তাৎপৰ্য বাখ্যা কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ দ্বাৰা আয়োজিত স্বাধীনতা দিৱস পালন অনুস্থানৰ শেষত অনুস্থানটোত উপস্থিত সাংবাদিক আৰু দেশপ্ৰেমিক নাগৰিকে মহানগৰীৰ ৰাজপথত এক সমদল উলিয়াই ।

Related Articles

Leave a Reply

Close