অসমবিনোদন

সাহিত্য সভাৰ ভ্ৰাম্যমান থিয়েটাৰ বঁটা প্ৰদান

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী – অসমৰ সমাজ জীৱনত বিশেষ অৰিহনা যোগোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ ক’লা কুশলীক উৎসাহিত কৰাৰ লক্ষ্যৰে আজি অসম সাহিত্য সভাই বিশেষ বঁটা প্ৰদান কৰাৰ লগতে বহু কেইজন শিল্পী আৰু ক’লা কুশলীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । নলবাৰী নাট্য মন্দিৰত অনুস্থিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, সম্পাদক প্ৰধান পদুম ৰাজখোৱা , আৰক্ষী সঞ্চালক প্ৰধান কুল ধৰ শইকীয়া আদিৰ উপস্থিতিত আজি এই বঁটা প্ৰদান কৰা হয় । আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই স্মৃতি গ্ৰন্থ এখন উন্মোচন কৰে । ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম মহিৰুহ কৃষ্ণ ৰয়ক আজি প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বঁটা । সেইদৰে থিয়েটাৰ সুৰ্যলৈ শ্ৰেষ্ঠ নাট্য দলৰ বটাঁ প্ৰদান কৰাৰ লগতে ভ্ৰাম্যমাণ নাট্য সাহিত্য বঁটা প্ৰদান কৰা হয় নাট্যকাৰ অভিজিৎ ভট্ৰাচাৰ্য্যক । শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সক্ষম হয় সঞ্জীব শৰ্মাই আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে প্ৰস্তুতি পৰাশৰে । শ্ৰেষ্ঠ নাটক মস্তান আৰু দেউতা, শ্ৰেষ্ঠ পৰিচালক মৃদুল বৰুৱা, শ্ৰেষ্ঠ আবহ সংগীত বঁটা তৰালী শৰ্মাক, আৰু শ্ৰেষ্ঠ গীতৰ বঁটা অজয় ফুকনক প্ৰদান কৰা হয় । সমান্তৰাল কৈ এই অনুষ্ঠানত নাট্যকাৰ জীতেন শৰ্মা, মহেশ কলিতা, কল্যান দে, অভিনেত্ৰী ৰেবা ফুকন, জুৰি শৰ্মাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে । একেদৰে অতুল মজুমদাৰ, নুৰুদ্দিন আহমেদ, ডালিম দাস, বাসন্তী বৰ্মন গুণেশ্বৰ ভূঞা আদি প্ৰায় পোন্ধৰ গৰাকী শিল্পী ক’লা কুশলীক সম্বৰ্ধনা জ্ঞাপন কৰে অসম সাহিত্য সভা ই । ইপিনে এই অনুষ্ঠান মুকলি কৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমৰ সমাজ জীৱনত তথা সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি অহা ভ্ৰাম্যমাণ থিয়েটাৰৰ উত্তৰণ আৰু শিল্পী ক’লা কুশলীৰ উন্নয়নৰ বাবে অসম চৰকাৰক বিশেষ আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই অনুষ্ঠানত মন্ত্ৰী ভবেশ কলিতাৰ লগতে অভিনেতা দিনেশ দাস, আৰক্ষী উপ মহা পৰিদৰ্শক ডঃ শ্যামল বৰুৱা , কন্ঠশিল্পী তৰালী শৰ্মা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, স্বপ্ননীল বৰুৱা, মৃনালিনী দেবী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস উপস্থিত থাকে। স্থানীয় বিধায়ক অশোক শৰ্মা, জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা, উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, সম্পাদক অতুল চন্দ্ৰ শৰ্মাই আতঁ ধৰা অনুষ্ঠানত শিল্পী বিদ্যা সাগৰে গীত পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে।

Related Articles

Leave a Reply

Close