অসমশীৰ্ষ

সীমান্ত আৰক্ষীৰ লিখিত পৰীক্ষাত বিসংগতি

বেছিমাৰীত উত্তপ্ত পৰিস্থিতিঃ সীমান্ত আৰক্ষীৰ লিখিত পৰীক্ষাত বিসংগতিঃ আৰক্ষী-সামৰিক বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণঃ ২০ আগষ্টত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস

প্ৰথম খবৰ, দলগাঁও: সমগ্ৰ অসমৰ লগতে আজি দৰঙৰ বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সীমান্ত আৰক্ষী  বিভিন্ন খালি পদ সমূহ পূৰণাৰ্থে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত ব্যাপক খেলিমেলি সংঘটিত হোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাতিপুৱা ৯:৩০ বজাত জানিব পৰা মতে পুৱাৰ পৰীক্ষা ৫০ নম্বৰৰ আছিল আৰু আবেলিৰ পৰীক্ষা ১০০ নম্বৰৰ আছিল। পুৱা ভাগত ৫০ নম্বৰৰ প্ৰশ্নৰ লগত ১০০ নম্বৰৰ OMR Sheet দিছিল যদিও পৰীক্ষাৰ্থী সকলে বিষয়টো মন কৰা নাছিল। আবেলিৰ ১০০ নম্বৰৰ পৰীক্ষাৰ বাবে ৫০ নম্বৰৰ OMR Sheet দিয়াত পৰীক্ষাত হোৱা বিসংগতি ধৰা পৰে  আৰু পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । তাৰ পিছতেই পৰীক্ষাৰ্থীলকলে পৰীক্ষা কেন্দ্ৰৰ বাহিৰলৈ ওলাই আহি হুলস্থূলৰ সৃষ্টি কৰে । অসম চৰকাৰ হায় হায়, সীমান্ত আৰক্ষী মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰে বেছিমাৰী  । পিছত খবৰ পাই আৰক্ষী আৰু সামৰিক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় । ঘটনা তদন্ত মৰ্মে পিছত বিহীত ব্যৱস্থা গ্রহন কৰিবলৈ প্ৰশাসনে পৰীক্ষাৰ্থীসকলক আশ্বাস দিয়ে । আজি বাতিল হোৱা পৰীক্ষা পুনৰাই অহা ২০ আগষ্টত অনুষ্ঠিত কৰিব বুলি প্ৰশাসনে আশ্বাস দিয়াত পৰিস্থিতি শান্ত হয়। জানিব পৰা মতে, পি এন আৰ ডিৰ পৰীক্ষা অনুষ্ঠিত কৰা বহিৰাগত কোম্পানটোৰ পৰীক্ষা নিয়ন্ত্ৰকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰা ভাঙিবলৈ চোচা লোৱাৰ ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দলগাঁও -খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ একাধিক সাংবাদিকে উক্ত ঘটনাক গৰিহণা দিছে যদিও ঘটনা সম্পর্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই সাংবাদিকজনে।

Related Articles

Leave a Reply

Close