অসম

স্বাধীনতা দিৱসত জিলা প্ৰশাসনৰ দ্বাৰা সম্বৰ্ধিত দুধনৈৰ “পঞ্চজ্যোতি  কৃষক গোট” 

প্ৰথম খবৰ, দুধনৈ:অমিতা খেতিৰে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে তিনিগৰাকী আলোচনাপন্থী আলফাৰ সংগ্ৰামী যুৱকৰ লগতে আন দুগৰাকী স্থানীয় যুৱক৷ স্বাধীন অসমৰ সপোন দেখা সংগ্ৰামী যুৱক কেইজনে একে ৪৭, ৰিভলভাৰ,গ্ৰেণেড এৰি দা, কোৰ, হাল, ট্ৰেক্টৰ আৰু চেলো মেচিন লৈ ওলাই আহিল খেতি পথাৰলৈ ২০১৭ চনৰ এপ্ৰিল মাহত দুধনৈৰ সমীপৱৰ্তী জনাইমাৰী গাওঁত আলোচনাপন্ঠী আলফা ক্ৰমে কৰ্ণ ৰায়, প্ৰমথেশ ৰায়, বাসুদেব বসুমতাৰীৰ লগতে স্থানীয় যুৱক পৰাগ বসুমতাৰী আৰু জিতেন্দ্ৰ বসুমতাৰীয়ে ১২ বিঘা মাটিত গঠন কৰিলে “পঞ্চজ্যোতি কৃষক গোট”৷ আৰম্ভনি বৰ্ষতে তেওঁলোকে ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিলে  মুল খেতি হিচাবে “ৰেড লেডী” প্ৰজাতিৰ অমিতা খেতিৰ লগতে অন্যান্য পাচলি খেতি৷ স্বাধীন অসমৰ সংগ্ৰাম অটুত ৰাখি সমান্তৰাল ভাবে নিৰৱে কৃষি বিপ্লবৰ সুচনা কৰা এই পাচঁজন যুৱকে প্ৰথম বৰ্ষতে উল্লেখনীয় সফলতা লাভ কৰিলে৷ সম্পুৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰা  পঞ্চজ্যোতি কৃষক গোটৰ  দ্বাৰা উৎপাদিত অমিতা গোৱালপাৰা জিলাৰ লগতে অসমৰ অন্যান্য জিলাটো সমাদৃত হ’ল৷ আটাইতকৈ উল্লেখনীয় কথাটো হ’ল প্ৰথম বৰ্ষতে ডুবাইলৈ ৰপ্তানি কৰিলে জৈৱিক পদ্ধতিৰে উৎপাদিত “ৰেড লেডী” জাতৰ অমিতা বিধ৷ প্ৰথম বৰ্ষতে তেওঁলোকে অমিতা বিক্ৰী কৰি প্ৰায় পাঁচ লাখ টকা আৰু অমিতা পুলি বিক্ৰী কৰি ডেৰ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হ’ল৷ প্ৰথম বৰ্ষৰ সাফল্যত উৎসাহিত হৈ এইবাৰ তেওঁলোকে অন্যান্য খেতি বাদ দি  আগতকৈ অধিক মাটিত অমিতা খেতি আৰম্ভ কৰিলে৷ তিনিৰ পৰা চাৰে তিনি ফুট ওখ গছ জোপাত মাটিত লগাকৈ অমিতা লাগিবলৈ আৰম্ভ হৈছে৷একোটা অমিতা আঢ়ৈ কেজিৰ পৰা তিনি কেজিলৈকে ডাঙৰ হয়৷ পঞ্চজ্যোতি কৃষক গোটে এইবাৰ বহিৰাষ্ট্ৰ ডুবাইৰ বাহিৰেও অস্ট্ৰেলিয়া, চুইজাৰলেণ্ড, হংকং আৰু বাংগালোৰৰ পৰা অৰ্ডাৰ লাভ কৰিছে ৷ তেওঁলোকে উক্ত দেশ সমুহৰ পৰা অমিতাৰ অৰ্ডাৰ লাভ কৰিছে যদিও এইবছৰ কিছুদিন ধৰি প্ৰতিকুল বতৰ তথা নেৰানেপেৰা বৰষুণৰ বাবে বহু অমিতা গছত অচিন ৰোগে দেখা দিয়াৰ উপৰিও কিছু গছ মৰিওঁ গৈছে৷ অবশ্যে জিলা কৃষি বিভাগ আৰু দুধনৈস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী আৰু কৃষি বিষয়া বৰ্গৰ দিহা পৰামৰ্শত এই সমস্যা দুৰ হৈছে৷ যোৱা পোন্ধৰ আগষ্ট স্বাধীনতা দিৱসৰ দিনা কৃষি বিভাগৰ পৰা জিলা প্ৰশাসনে  মন্ত্ৰী পিযুশ হাজৰিকাৰ উপস্থিতিত বাণিজ্যিক ভিত্তিত উদ্যান শষ্য উৎপাদনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে সম্বৰ্ধনা জনাই উৎসাহিত কৰে৷

Related Articles

Leave a Reply

Close