অসমশীৰ্ষ

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰহস্যজনক পৰিস্থিতিত সোণাৰিত আলফা সদস্যৰ আত্ম-সমৰ্পণ  

প্ৰথম খবৰ, সোণাৰি,১০ আগষ্ট:স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত এক ৰহস্যজনক পৰিস্থিতিত আজি এজন আলফা(স্বা) সদস্যই আৰক্ষীৰ ওচৰত আত্ম-সমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা আলফা(স্বাধীন)ৰ সদস্যজনৰ নাম হাওঁফাওঁৰ বাসিন্দা সোণেশ্বৰ গগৈৰ পুত্র বিমান গগৈ ওৰফে জিৎ অসম বুলি চিনাক্ত কৰা হৈছে।উল্লেখযোগ্য যে সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং হাওঁফাওঁ গাঁৱৰ বাসিন্দা প্ৰাক্তন সেনা জোৱান টেপুৰাম গগৈৰ ঘৰত পুৱা আলফা(স্বাধীন)ৰ সদস্য জিৎ অসমে ভাত খাবলৈ বিচাৰি পৰৱৰ্তী সময়ত ভাত খাই গগৈৰ বাৰীৰ বাঁহনিত লুকাই থকা অৱস্থাতে চৰাইদেউ জিলা আৰক্ষী উপস্থিত হোৱাত আত্ম-সমৰ্পণ কৰে। প্ৰায় এক বছৰ পূৰ্বে আলফাত যোগদান কৰা আলফা(স্বা)সদস্য জনৰ জিম্মাৰ পৰা আৰক্ষীয়ে কোনোধৰনৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহলেও আলফা(স্বাধীন)সদস্যজনক সম্প্ৰতি সোণাৰি আৰক্ষী থানাত জিলাখনৰ শীৰ্ষ বিষয়া সকলে জেৰা অব্যাহত ৰাখিছে। ইফালে আলফা(স্বাধীন)ৰ সদস্য জনে সংবাদ মাধ্যমক জনোৱা মতে আলফা শিবিৰত পোৱা কষ্ট পোৱাৰ বাবেই শিবিৰৰ পৰা পলাই আহি আত্মসমৰ্পণ কৰাৰ কথা সদৰি কৰিছে।লগতে ম্যানমাৰৰ টাগাত সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ অৱস্থাত দুৰ্ধৰ্ষ আলফা স্বাধীনৰ নেতা মাইকেল অসম,সংগ্ৰাম শইকীয়াক লগ পোৱাৰ কথাও সদৰি কৰে সাংবাদিকৰ আগত।

Related Articles

Leave a Reply

Close