অসম

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত একতা দৌৰত ভাগ লৈ ছাত্ৰ ছাত্ৰীৰ লগত চাফাই অভিযানত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা

প্ৰথম খৱৰ,জাজৰি:সমাগত স্বাধীনতা দিৱস। ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে একতা দৌৰত অংশগ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে হাতে হাতে ঝাৰু লৈ চাফাই অভিযানত নামিল বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । লং পেন্ট আৰু স্পৰটিং পৰিধান কৰি এজাক ছাত্ৰ ছাত্ৰীৰ সৈতে চাফ-চিকুণ কৰাত ব্যস্ত আঙুৰলতা ডেকা । অভিনয় জগতৰ পৰা ৰাজনৈতিক ক্ষেত্রখনত ভৰি দি সমষ্টি বাসীৰ মন জয় কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পোৱা বিধায়িকা গৰাকীক এইবাৰ দেখিবলৈ পোৱা গ’ল ঝাৰু মৰি হাবি জংঘল চাফা চিকুণ কৰাৰ লগতে একাতা দৌৰত অংশ গ্ৰহন কৰা ।স্বাধীনতা দিৱস উপলক্ষে স্বচ্ছ ভাৰত অভিযান আৰু বৃক্ষ ৰোপন কাৰ্যসূচীত এনেদৰেই অংশগ্ৰহণ কৰি চাবুকধৰা চিকিৎসালয়ৰ চৌহদ চাফ-চিকুণত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকাৰ লগতে সহস্রজনে । উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পার্টিৰ দলংঘাট মণ্ডলৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকাই একতা দৌৰতো অংশগ্ৰহণ কৰে । এই একতা দৌৰ কাৰ্য্যসূচীত চাবুকধৰাৰ পৰা আৰম্ভ কৰি অন্ত পৰে কপাহেৰাত । এই একতা দৌৰৰ অন্তত ১৯৪২ চনৰ শ্বহীদ গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা গৰাকীয়ে । কিছু দিনৰ পূৰ্বে শ্বহীদ গুনাভিৰাম বৰদলৈৰ বাসগৃহত বিধায়িকা আঙুৰলতা উপস্হিত হৈ শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ প্ৰতি সহাঁৰি জনাই বুধবাৰে শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ অাধাশিলা স্থাপন কৰে।

Related Articles

Leave a Reply

Close