অসম

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষনত বাদুলিপাৰ গাঁও পঞ্চায়তৰ চাফাই অভিযান

প্ৰথম খবৰ, বাদুলিপাৰ ,১৩ আগষ্ট: ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য আৰু স্বচ্ছ ভাৰত অভিযান মিছনৰ লগত সংগতি ৰাখি আজি সমগ্ৰ অসমতে পঞ্চায়ত সমূহে কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সহযোগত চাফাই অভিযান চলোৱা পৰিলক্ষীত হয়। পাছপৰি ৰোৱা নাই বাদুলিপাৰ গাঁও পঞ্চায়তো।গোলাঘাট জিলাৰ বোকাখাত বিধান বিধান সভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট পশ্চিম উন্নয়ণ খণ্ড-বোকাখাতৰ অধীনৰ বাদুলিপাৰ গাঁও পঞ্চায়ততো আজি চাফাই অভিযান চলোৱা পৰিলক্ষীত হৈছে।সকলোৰে লক্ষ্য ৭৩ সংখ্যক স্বাধীনতা দিৱস।উৎকট গৰমকো নেওচী পুৱা ৯ বজাৰ পৰা আৰম্ভ কৰা চাফাই অভিযান কাৰ্যসূচী প্ৰথমে গাঁও পঞ্চায়ত কাৰ্যলয় প্ৰাঙ্গনত আৰম্ভ কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী কেপ্টেইন জিন্তু গগৈ পথৰ দুয়োকাষ পৰিস্কাৰ কৰে।তাৰ পাছত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰিয়া বাদুলিপাৰস্থিত বৃত্তিয় প্ৰতিস্থান কেইটাৰ সন্মুখ ভাগ পৰিস্কাৰ কৰে।ইয়াৰ উপৰিও দৈনিক মাছ বজাৰ,শাক-পাচলীৰ বজাৰ,তেল ডিপুৰ সন্মুখ ভাগ পৰিস্কাৰ কৰা দৃষ্টিগোচৰ হয়।অভিযান কালচোৱাত উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বাদুলিপাৰৰ কেইবাজনো দায়িত্বশীল ব্যক্তিয়ে চাফায় কৰ্মী সকলক পানী,বিস্কুট,মাজা বটল আদি যোগান ধৰে।চাফায় অভিযান কৰা সময়চোৱাত বাদুলিপাৰ গাঁও পঞ্চায়তৰ সচিব লক্ষীকান্ত শইকীয়া,পঞ্চায়ত সভানেত্ৰী লনীমা ফুকন,উপ:সভানেত্ৰী মিনু গগৈ,আঞ্চলিক সদস্যা গোলাপী গোৱলা সহ দহটা ৱাৰ্ডৰ সদস্য-সদস্যা,স্থানিয় অৰ্ধ শতাধিক মহিলা আৰু বাদুলিপাৰ পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কাৰ্যকৰ্তা সকল উপস্থিত আছিল।পুৱা ৯বজাৰ পৰা আৰম্ভ হোৱা চাফায় অভিযান ১২-৩০বজাত সামৰণি পৰে।

Related Articles

Leave a Reply

Close