অসম

স্বাধীনতা দিৱস উপলক্ষে দুধনৈত চাফাই অভিযান আৰু গছপুলি ৰোপণ৷

প্ৰথম খবৰ, দুধনৈ, ভবেশ চন্দ্ৰ ভাগৱতী: ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি দু্ধনৈ চহৰত চাফাই অভিযানৰ লগতে গছপুলি ৰোপণ কৰা হয়৷ দুধনৈ উন্নয়ন কমিটি, দুধনৈ ব্যবসায়ী সন্থা আৰু দুধনৈ আৰক্ষী থানাৰ উদ্যোগত লগতে দুধনৈৰ বিভিন্ন দল সংগঠন, অনুস্থান প্ৰতিষ্ঠান আৰু দুধনৈবাসী ৰাইজৰ সহযোগত ৰূপায়ন কৰা চাফাই অভিযানৰ শুভাৰম্ভ কৰে দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিয়ে৷ আৰক্ষী বিষয়া গৰাকীয়ে চাফাই অভিযানৰ শুভাৰম্ভ কৰি ৰাইজক উদ্দেশ্যি কয় যে চাফ চিকুনতাইহে মনবোৰ সুন্দৰ কৰি ৰাখে৷ সুন্দৰ মনেহে এখন সুন্দৰ সমাজ গঢ়িব পাৰে৷ সেয়েহে আৰক্ষী বিষয়া গৰাকীয়ে ৰাইজক নিজৰ নিজৰ ঠাইখনক চাফ চিকুনকৈ ৰাখিবলৈ অনুৰোধ জনায়৷ দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী বেঞ্জামিন কামানে চাফাই অভিযানত অংশগ্ৰহণ কৰি কয় যে বৰ্তমান সময়ত প্লাষ্টিক আৰু গুটকাৰ পেকেটে ভয়াবহ প্ৰদুষণৰ সৃষ্টি কৰি পৃথিৱীখনক সংকটৰ দিশলৈ লৈ গৈছে৷ সেয়েহে বিজ্ঞানী গৰাকীয়ে ৰাইজক প্লাষ্টিকৰ বৰ্জন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰশাসনক প্লাষ্টিকৰ ব্যবহাৰৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ লবলৈ অনুৰোধ জনায়৷ চাফাই অভিযানৰ পিচতে বিয়লি দুধনৈ কলেজ ৰোডত পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এশ জোপা গছপুলি ৰোপণ কৰা হয়৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰূপায়ণ কৰা চাফাই অভিযানত নিখল ৰাভা মহিলা পৰিষদ, অমৰ সংঘ, বুলেট ৰাইডাৰ্চ গ্ৰুপ, বুল অব আসাম, দুধনৈ প্ৰেছ ক্লাব, বিভিন্ন ছাত্ৰ সংগঠন,দুধনৈবাসী ৰাইজ আৰু ব্যবসায়ী সকলে সহযোগিতা আগবঢ়ায়৷

Related Articles

Leave a Reply

Close