অসম

স্বামীৰ প্ৰবঞ্চনাৰ বাবে ৰেলৱে জংচনতে সন্তান প্ৰসৱ কৰিলে এগৰাকী মহিলাই 

প্ৰথম খবৰ , মৰিয়নী:স্বামীৰ প্ৰবঞ্চনাৰ বাবেই মৰিয়নী জংচনত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা ১৮ তাৰিখে নিশা সন্তানসম্ভৱা পত্নীক নিজ স্বামীয়ে মৰিয়নী জংচনত প্ৰবঞ্ছনা কৰি এৰি থৈ যায়। বহু পলমকৈ স্বামী আলাউদ্দিনে পৰস্ত্ৰী লৈ পলায়ন কৰাৰ কথা গম পোৱাত গৰ্ভৱতী মহিলাগৰাকী উপায়হীন হৈ ষ্টেচনতে থকাৰ সিদ্ধান্ত লয়। যোৱা নিশা মহিলাগৰাকীয়ে মৰিয়নী জংচনৰ চৌহদতে এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে। পৰৱৰ্তী সময়ত সাংবাদিক আৰু সচেতন লোকৰ তৎপৰতা মহিলাগৰাকী আৰু নৱজাতক সন্তানটিক মৰিয়নী চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰোৱাই।

Related Articles

Leave a Reply

Close