অসম

২০ লাখ টকাৰ খেল পথাৰৰ উন্নয়নৰ কামৰ আধাৰ শিলা স্হাপন

প্রথম খবৰ , ফকিৰাগ্রাম,কিশোৰ মিশ্রা: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী চকি অন্তর্গত ফকিৰাগ্রাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ উন্নয়নৰ বাবে অসম চৰকাৰে সমগ্র গ্রাম উন্নয়ন যোজনাৰ ( সি এম এস জি যু ৱই ) ৰে আগবঢ়োৱা ২০ লাখ টকাৰে ণিৰ্মান কৰিবলৈ লোৱা খেল পথাৰৰ আধাৰ শিলা স্হাপন কৰে ২৯ নম্বৰ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে দেৱে।অনুষ্ঠানত বিদ্যালয়ৰ তৰফৰ পৰা বিধায়ক গৰাকীক ফুলাম গামোচা এখন দি সম্বৰ্ধনা জনোৱা হয় লগতে বি টি সি ৰ খেল বিভাগৰ সিএচ ডি য়োগ্যাৱতী বসুমাতাৰী , এস ডি অ প্রদীপ নাৰ্জাৰী ,ফকিৰাগ্রাম উন্নয়ন সমিতিৰ সভাপতি ৰমেশ ৰায় দেৱীকো এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷আন হাতে অসম চৰকাৰৰ খেল বিভাগে বিদ্যালয়খনলৈ আগবঢ়োৱা খেল পথাৰৰ উন্নয়নৰ কামৰ আজি বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে আধাৰ শিলা স্হাপন কৰে ৷ উল্লেখ কৰিব ই লাগিব যে বিগত কালছোৱা ত আজিৰ উন্নয়ন প্ৰক্ৰিয়া একেবাৰে সীমিত অৱস্হাত প্ৰত্যক্ষ হৈছিল ৷আজিৰ এই অনুষ্ঠানত সমাজ কৰ্মী চিনি ৰাম দাস ,বি পি এফ ৰ কর্মকর্তা সহ শিক্ষক ছাত্র ছাত্রী সকলে উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close