অসম

২৫ লাখ টকাৰ চৌহদ ণিৰ্মানৰ আধাৰ শিলা স্হাপন

প্ৰথম খবৰ,মঙলদৈ: মঙলদৈ ৰ সমীপবৰ্তী আউলাচৌকা ৰ ১৯৪৮ চনতে প্ৰতিষ্ঠা কৰা পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ ণিৰ্মানৰ বাবে অসম চৰকাৰে আগবঢ়োৱা ২৫ লাখ টকাৰে ণিৰ্মান কৰিবলৈ লোৱা বেৰৰ আধাৰ শিলা স্হাপন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ কুমাৰ শইকীয়া দেৱে ৷ ইয়াৰ পিছতে অনুষ্ঠিত সভা খনৰ আতঁ ধৰে বিদ্যালয়ৰ অধ্যক্ষ তপন শৰ্মাই ৷অনুষ্ঠানত বিদ্যালয়ৰ তৰফৰ পৰা সাংসদ গৰাকীক ফুলাম গামোচা ,শৰাই আৰু এখন সম্বৰ্ধনা জনোৱা হয় লগতে বিধায়ক গুৰুজ্যোতি দাস আৰুদৰং বিজেপি ৰ সভানেত্ৰী নীলিমা দেৱীকো এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয় ৷আন হাতে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়খনলৈ আগবঢ়োৱা “একুৰিয়াম” টি আজি বিধায়ক গুৰুজ্যোতি দাসে উন্মোচন কৰে ৷ উল্লেখ কৰিব ই লাগিব যে বিগত কালছোৱা ত আজিৰ উন্নয়ন প্ৰক্ৰিয়া একেবাৰে সীমিত অৱস্হাত প্ৰত্যক্ষ হৈছিল ৷বৰ্তমানৰ অধ্যক্ষ তপন শৰ্মাৰ লগতে উপাধ্যক্ষ চক্ৰধৰ বৰাৰ তৎপৰতাত বিদ্যালয় খনৰ পৰিৱেশ পূৰ্বত কৈ অধীক ভাল হৈছে ৷আজিৰ এই অনুষ্ঠানত অৱসৰী অধ্যক্ষ তিলক শৰ্মা ,সমাজ কৰ্মী লোকেন্দ্ৰ শৰ্মা ,শিল্পীদ্বয় শোভন শৰ্মা,তুলসী শইকীয়াৰ উপৰিও কেবাজনো সমাজৰ লগত জড়িত ব্যক্তিও উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close