অসমশীৰ্ষ

৫ হাজাৰ বালক কৃষ্ণই নৃত্য কৰি বিশ্ব অভিলেখৰ স্বীকৃতি

প্ৰথম খবৰ, ফৰিদুদ ইউনুছ, মৰিগাঁও : মৰিগাঁও তৰুনৰাম ফুকন খেলপথাৰত স্বামী বিবেকানন্দ চেতনা মঞ্চ, বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক, হিন্দু জাগৰণ মঞ্চ, ABVP, সংস্কাৰ,টাইড ট্ৰাষ্ট, সহায় আৰু শঙ্কৰদেৱ বিদ্যা নিকেতনকে ধৰি বহু কেইতা সংগঠন লগ হৈ কৃষ্ণ জন্মাষ্টমীৰ মহোৎসৱ অনুষ্ঠানত কৰিছে ৷ উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷জনাৰ্দন দেৱ গোস্বামীকে বহু কেইজন সন্মানীয় সত্ৰাধিকাৰ প্ৰভু লগতে RSS সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ট বুজৰবৰুৱা উপস্থিত থাকে৷ অনুষ্ঠানটিত এক অভিলেখ সৃষ্টিৰ প্ৰয়াসেৰে “গোৱালী পাৰতে নাচে প্ৰান গোপাল গোৱালী পাৰতে নাচে”ত ৫০০০ কৃষ্ণ নৃত্য মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰে৷ মন্ত্ৰী চন্দ্ৰ মোহন পাটুৱাৰী, পীয়ূস হাজৰীকা, বিধায়কা আঙুৰলতা, ডিম্বেশ্বৰ দাস আৰু মৰিগাঁও বিধায়ক উপস্থিত আছিল৷ অনুষ্ঠানত নাকেৰে ছবি আঁকি অান্তঃৰাষ্টীয় খিতাপ অৰ্জন কৰা শিল্পী শিৰোমণি দলৈয়ে নাকেৰে কৃষ্ণৰ ছবি আঁকে৷

শ্ৰীমন্তশঙ্কৰদেৱে কৃষ্ণ সংস্কৃতি দ্বাৰা সকলো এক কৰাৰ দৰে একত্ৰিত ভাৱে আগুৱাই যোৱাৰ আহ্বান মুখমন্ত্ৰীৰ৷ আনহাতে ৫০০০ বালক শিশুৰ কৃষ্ণ নৃত্যৰ সলাগ ললে৷RSS নেতা বশিষ্ট বুজৰবৰুৱা দেৱে কৃষ্ণ সংস্কৃতি দাৰা সকলো জাতি জনগোষ্ঠীৰ একটা বান্ধুনেৰে আগুৱাই যোৱাৰ কথা ব্যক্ত কৰে৷ পাঁচ হাজাৰ কৃষ্ণ নৃত্যত বিশ্ব অভিলেখ গঢ়ি আনন্দিত উদ্যোগতা তথা মৰিগাঁও বাসী।

Related Articles

Leave a Reply

Close