অসম

৬০ হাজাৰোধিক গ্ৰাহকৰ বিপৰীতে তিনি জন কৰ্মচাৰী,অসম গ্ৰামীন বিকাশ বেংকৰ চতিয়া শাখাত গ্ৰাহকক হাৰাশাস্তি

প্ৰথম খবৰ,সৌৰভ হাজৰিকা,চতিয়া:বেংক সেৱা অত্যাৱশ্যকীয় সেৱা ৰূপে পৰিগনিত হোৱাৰ সময়ত একাংশ ৰাষ্ট্ৰীয়কৃত আৰু ৰাজ্যিক বেংকে আগবঢ়োৱা নিম্ন মানৰ সেৱাই উপভোক্তাক বাৰুকৈয়ে হাৰাশাস্তি কৰিছে ৷বেংক সমুহে বিভিন্ন সেৱা আগবঢ়োৱাৰ নামত গ্ৰাহকৰ পৰা মাচুল সংগ্ৰহ কৰি আহিছে যদিও সেৱা সমুহ গ্ৰাহকে ভোগ কৰিব পাৰিছেনে নাই সেই কথাৰ প্ৰতি বেংক সমুহে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷অসম গ্ৰামীণ বিকাশ বেংকৰ চতিয়া শাখাৰ প্ৰতি গ্ৰাহকৰ দীৰ্ঘদিনীয়া অভিযোগ, শাখাটোত প্ৰয়োজনীয় কৰ্মচাৰী নথকাত সামান্য কাম এটাৰ বাবেও গ্ৰাহকে দিনটো খৰচ কৰিব লাগে ৷স্কেল 3 পয্যায়ৰ শাখাটোত বৰ্তমান কৰ্মচাৰীৰ সংখ্যা মাত্ৰ তিনিজন ৷বেংক টোৰ সেৱাৰ পৰিসীমাত আছে দক্ষিণ নাগশংকৰ, মধ্যনাগশংকৰ, চতিয়া ৩ নং, ২ নং, ১ নং, ৪ নং, ৫ নং আৰু ৬ নং গাঁও পঞ্চায়ত ৷পঞ্চায়ত কেইখনৰ অন্তৰ্গত ৬০ হাজাৰোধিক গ্ৰাহকক মাত্ৰ তিনিজন কৰ্মচাৰীৰে সেৱা আগবঢ়াব লগা হোৱাত গ্ৰাহক সকল দিনৰ দিনটো সামান্য কামৰ বাবে বেংকতে কটাব লগা হয় ৷চতিয়াৰ শাখাটোত গ্ৰাহক বহিবলৈ নাই প্ৰয়োজনীয় আসন ৷আসন নথকাত প্ৰায়ে বেংকৰ মজিয়াতে বহি গ্ৰাহকে জিৰণি লব লগা হয় ৷প্ৰচণ্ড গৰমত অগ্নিপিণ্ড হৈ পৰা বেংকটোত জ্যেষ্ঠ নাগৰিকৰ বাবে কোনো সুবিধা নথকাত শাৰী পাতি থাকোতেই কেইবাজনো জ্যেষ্ঠ নাগৰিক অসুস্থ হৈ পৰা ঘটনাও ঘটি গৈছে ৷ইয়াৰ লগতে প্ৰচণ্ড গৰমত ঘন্টাৰ পাছত ঘন্টা অপেক্ষা কৰিবলগা হোৱা গ্ৰাহকৰ তৃষ্ণা নিবাৰণৰ বাবে খোৱা পানীৰো ব্যৱস্থা শাখাটোত নাই ৷গ্ৰাহকৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় কৰ্মচাৰী মকৰল কৰাৰ লগতে প্ৰয়োজনীয় সুবিধা সমূহ উপলব্ধ কৰাবলৈ গ্ৰাহক সকলে বেংক কতৃপক্ষক দাবী জনাইছে।

Related Articles

Leave a Reply

Close