অসম

৭৩ তম স্বাধীনতা দিৱসত ধুবুৰীৰ ৫ শিক্ষকক কৃতি শিক্ষকৰ সন্মান

প্ৰথম খবৰ,ধুবুৰী:শিক্ষাৰ নতুন নতুন নীতি আৰু বিভিন্ন ব্যৱস্থাৰ উন্নয়নৰ লগে লগে গ্ৰামাঞ্চলৰ শিক্ষক সকলৰ মৌলিক শিক্ষা পদ্ধতিক স্বীকৃতি দিয়াৰ বাবে ধুবুৰী জিলা প্ৰশাসনে এইবেলি ভাৰতৰ ৭৩ তম স্বাধীনতা দিৱসত জিলাখনৰ ৫ গৰাকী অতি দুৰ্গম অঞ্চলত কৰ্মৰত আৰু গ্ৰামাঞ্চলৰ শিক্ষকক তেখেত সকলৰ গ্ৰাম্য পৰিবেশত সমাজ জড়িতকৰণেৰে দিয়া মৌলিক শিক্ষা পদ্ধতিৰ বাবে কৃতি শিক্ষকৰ বঁ‌টা প্ৰদান কৰে। ৰজা প্ৰভাতচন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হোৱা পতাকা উত্তোলনস্থলীত এই বঁ‌টা সমূহ প্ৰদান কৰে অসম চৰকাৰৰ জলসিঞ্চন,তথ্য -প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই।মন্ত্ৰী গৰাকীয়ে একোখনকৈ মানপত্ৰ ,ফুলাম গামোচা,ট্ৰফি আৰু এটি নিম গছৰ পুলিৰে শিক্ষক সকলক সম্বৰ্ধনা জনাই।

বঁ‌টা প্ৰাপক শিক্ষক সকল হ’ল গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মৌলানা ভাসানী মেমোৰিয়েল এম ই মাদ্ৰাচাৰ প্ৰধান শিক্ষক আমজান হুচেইন মজুমদাৰ আৰু ২৪৩১ নং ইলশামাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দিবাকৰ শৰ্মা।উল্লেখযোগ্য যে দিবাকৰ ৰেণু নামেৰে সাহিত্যচৰ্চা কৰা এইগৰাকী লেখক,কবি জিলাখনৰ ভিতৰতেই এই সন্মান পোৱা প্ৰথম গৰাকী কনিষ্ঠতম শিক্ষক। এগৰাকী টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰা এই গৰাকী শিক্ষকে চৰ অঞ্চলৰ শিশু শিক্ষাৰ বাবে এক বলিষ্ঠপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ অনুষ্ঠানতেই গোলকগঞ্জ শিক্ষাখণ্ডৰ ২৩৫ নং উত্তৰ দেৱত্তৰ হাজদহ নমঃসূদ্ৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জয়াৰাণী ৰায়,বিলাসীপাৰা শিক্ষাখণ্ডৰ লক্ষীগঞ্জ এম,ই মাদ্ৰাচাৰ প্ৰধান শিক্ষক মনিৰুজ জামান আৰু ২০৯৭ বিবেকানন্দ বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সীমা দাসকো সম্বৰ্ধনা জনায়।

Related Articles

Leave a Reply

Close