অসমশীৰ্ষ

ৰঙিয়াত দুই ভগ্নীক ধৰ্ষণ

নিউজ ডেক্স, প্ৰথম খবৰ:ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লৱে কোৱাৰ্টাৰত দুই কিশোৰী ভগ্নীক সহায়ৰ চলেৰে লৈ যায় ওৰেনিশা ধৰ্ষণ কৰে ছয় পাশণ্ডই।জানিব পৰা মতে বৰপেটাৰ দুই ভগ্নীয়ে আত্মীয়ৰ ঘৰৰ পৰা নিজ ঘৰলৈ যোৱাৰ উদ্যেশ্যৰে শুকুৰবাৰে আহিছিল ৰঙিয়া ষ্টেচনলৈ।ৰে’লৱে ষ্টেচনৰ পৰা দুই হকাৰে সহায় কৰাৰ উদ্যেশ্যৰে কিশোৰী দুগৰাকীক লৈ যায় সমীপৰ এটা ৰে’লৱে কোৱাৰ্টালৈ তাতেই ওৰেনিশা ছয় পাশণ্ডই ধৰ্ষণ কৰাৰ লগতে মাৰপিট কৰে দুই ভগ্নীক।পিছত দুয়োগৰাকীক উলিয়াই দিয়ে কোৱাৰ্টাৰৰ পৰা।ষ্টেচনৰ সমীপৰ এজন অ’টো চালকক সমগ্ৰ ঘটনা বিবৰি কয় দুই ভণ্নীয়ে আৰু তাৰ পিছতেই স্থানীয় একাংশ লোকে কোৱাৰ্টাৰটোৰ গৰাকী কিশোৰী মণ্ডলক সোধ পোচ কৰে কিন্তু সময় বুজি পলায়ন কৰে কিশোৰী মণ্ডলে।এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত।দোষীক অতি সীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় লোকে।

Related Articles

Leave a Reply

Close