অসম

ৰহাৰ আমচৈৰ পুৱবোলাত কপিলীৰ পাৰত উদ্ধাৰ যুৱতী, চিকিৎসালয়ত মৃত্যু

প্ৰথম খবৰ ,ৰহা:ৰহাৰ আমচৈৰ পূববোলাত ৰহস্যজনকভাবে উদ্ধাৰ কৰা হৈছে এগৰাকী যুৱতী । কপিলী নদীৰ মথাউৰিৰ দাঁতিৰ খাৱৈত উদ্ধাৰ কৰা হয় যুৱতী গৰাকীক। যুৱতী গৰাকীক যোৰহাটৰ বিনীতা গড় বুলি চিনাক্ত কৰা হৈছে। বিনীতাৰ পিতৃৰ নাম মাধৱ গড়। জানিব পৰা মতে মংগলবাৰে পুৱা পূৱবোলাৰ স্থানীয় লোকে যুৱতীগৰাকীক কপিলী পাৰৰ মথাউৰিৰ দাঁতিৰ খাৱৈত অচেতন অৱস্থাত পৰি থকা দেখি আমচৈ আৰক্ষীক খবৰ দিয়ে। লগে লগে আমচৈ আৰক্ষীয়ে সংকটজনক অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰি ১০৮সেৱাৰে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। যোৰহাটৰ যুৱতী গৰাকী কি পৰিস্থিতিত কেনেকৈ ৰহাৰ এই অতি ভিতৰুৱা অঞ্চললৈ আহিল সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে। কোনো দুষ্ট চক্ৰই যুৱতীগৰাকীক আনি ধৰ্ষণ কৰি পেলাই থৈ যোৱা বুলি সন্দেহ কৰা হৈছে। যুৱতীগৰাকী সুস্থ হৈ উঠিলেহে সমস্ত ঘটনা পোহৰলৈ আহিব। আনহাতে যুৱতী গৰাকীক নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তেই যুৱতী গৰাকীৰ মৃত্যু হয় ।

Related Articles

Leave a Reply

Close