অসমশীৰ্ষ

অসমৰ কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণৰ সজুঁলি বোৰ আউটডেটেড: পুৰনি সজুঁলিৰে সোনৰ পদক আনে অসমৰ খেলুৱৈ সকলে

প্ৰথম খবৰ, মৰিগাঁও : ২০০৭ চনতে স্থাপন হোৱা মৰিগাঁৱৰ চাৰণ বিল পাৰত অসমৰ একমাত্ৰ জলক্ৰীড়া কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হয় ভাৰতীয় কায়াকিং আৰু কেনয়িংৰ মুখ্য প্ৰশিক্ষক সঞ্জয় বেনুৱাল ৷ প্ৰশিক্ষণ কেন্দ্ৰটোত উপষ্ঠিত হৈ সঞ্জয় বেনুৱালে কয়- অসমৰ কায়াকিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰৰ সজুঁলি বোৰ আউটডেটেড হৈছে । পুৰনিকলীয়া সা- সৰঞ্জামৰে সোনৰ পদক আনে অসমৰ কায়াকিং আৰু কেনয়িং খেলুৱৈ সকলে। উল্লেখ যে ২০২০আৰু ২০২৪ বৰ্ষত  হবলগীয়া অলিম্পিকৰ টিম নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজ্যত ঘূৰি অসমৰ এই প্ৰশিক্ষণ কেন্দ্ৰত আহি প্ৰশিক্ষাৰ্থী সকলৰ লগত মত বিনিময় লগতে কিছু প্ৰশিক্ষণ দি প্ৰশিক্ষাৰ্থী সকলৰ প্ৰতিভা দেখি তেওঁ কয় ইয়াৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ নাম উজ্জ্বলাই তুলিব পৰা প্ৰতিযোগী আছে কিন্তু ইয়াত থকা খেলৰ সজুঁলি সমূহ আউটডেটেড হৈ গল৷ ২০০৭ চনত ৰাষ্ট্ৰীয় ক্ৰীড়া মৰিগাঁৱৰ চাৰন বিলৰ পাৰতে হৈছিল কায়াকিং আৰু কেনয়িং প্ৰতিযোগিতা । সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই প্ৰশিক্ষণ কেন্দ্ৰটো স্থায়ীভাৱে স্থাপন কৰাৰ কথা ঘোষণা কৰে আৰু স্থাপিত হল৷ যদিও তেতিয়াৰে পৰা আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহাৰ্য্য । এই সীমিত সুবিধাৰে এই কেন্দ্ৰ পৰা এতিয়ালৈকে ২৬ টা সোণ,  ৩৮ ৰূপ আৰু ৫৮ টা  ব্ৰঞ্জৰ পদক অনাৰ লগতে এই প্ৰশিক্ষণ  কেন্দ্ৰৰে ২৫ জন খেলুৱৈয়ে অসম আৰক্ষী আৰু ভাৰতীয় সেনাবাহিনীত ইতিমধ্যে কৰ্মসংস্থাপন হয়৷ ইপিনে বৰ্তমানে থকা প্ৰশিক্ষক অনন্ত গগৈয়ে ২০০৭ চনৰ পৰা ২০১৯ চনলৈ আছে যদিও আজিলৈকে সময়ত নপায় চৰকাৰী মাননি ৷ কেন্দ্ৰটোত খেলুৱৈ সকলৰ বাবে উপযুক্ত সুবিধা নাই বুলিও প্ৰশিক্ষক গৰাকীয়ে স্বীকাৰ কৰে আৰু লগতে বৰ্তমানৰ পৰিবৰ্তনকামী চৰকাৰ খনে কিবা এটা কৰিব বুলি আশা কৰিছে।

Related Articles

Leave a Reply

Close