নলবাৰীশীৰ্ষ

অসম আন্দোলনৰ নেতাই মুখ্যমন্ত্ৰী- মন্ত্ৰী -বিধায়ক-সাংসদ হল যদিও অবৈধ বাংলাদেশী সমস্যা সমাধানৰ সদিচ্ছা নকৰিলে নলবাৰীৰ সংবাদ মেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্য

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী: বাংলাদেশৰ অবৈধ বিদেশী সমস্যা কেৱল ৰাজনৈতিক নেতা সকলৰ মুনাফা আদায়ৰ ব্যৱস্থাহে। এই বিষয়ে ষ্পষ্ট কৰিছে বাংলাদেশৰ গৃহ মন্ত্ৰীৰ বক্তব্যই বুলি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই মন্তব্য কৰে। আজি নলবাৰী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে বিগত চল্লিছ বছৰে অসমৰ অবৈধ বাংলাদেশী সমস্যা সমাধানৰ বাবে বহু আন্দোলন চলিল, বহু নেতা মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, সাংসদ হল। কিন্তু এই সমস্যা সমাধানৰ সদিচ্ছা কৰা দেখা নগল। বাংলাদেশ চৰকাৰে এই কথা সময়ে সময়ে প্ৰকাশ কৰি আহিছে যে অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰীক বাংলাদেশে গ্ৰহন কৰাৰ বিষয়ত আজি পৰ্য্যন্ত ভাৰত চৰকাৰে এলানিও আলোচনা কৰা নাই। অবৈধ বিদেশী সমস্যাৰ ওপৰত ভেজা দি অগপৰ পৰা মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই এবাৰলৈও কেন্দ্ৰীয় চৰকাৰক নকলে যে বাংলাদেশৰ লগত অবৈধ বিদেশী প্ৰত্যাৰ্পন কৰা সন্দৰ্ভত এখন আলোচনা হব লাগে। অসমৰ পৰা ১৪ জনকৈ সাংসদ নিৰ্বাচিত হৈ এবাৰলৈও সংসদত বাংলাদেশ চৰকাৰৰ লগত বিদেশী প্ৰত্যেৰ্পন বিষয়ত বক্তব্য নাৰাখিলে বুলিও সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে বক্তব্য নাৰাখিলে বুলি গুৰুতৰ অভিযোগ তোলে। সংবাদ মেলত তেওঁ কয় যে বৰ্তমান এন আৰ চিৰ পৰা বাদ পৰা ১৯,০৬,৬৫৭ জনৰ ১৪ -১৫ লাখ অবৈধ বাংলাদেশী আৰু তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠোৱা হব বুলি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ উত্তৰত বাংলাদেশৰ গৃহমন্ত্ৰী আচ্ছাদুৰজামান খান কালামে ১৯৭১ চনৰ পিছত এজনো লোক ভাৰতলৈ বাংলাদেশৰ পৰা যোৱা নাই আৰু যদি গৈছে তেওঁলোকৰ উপযুক্ত প্ৰমাণ দিয়াৰ পিছতহে গ্ৰহণৰ আলোচনা কৰা হব বুলি প্ৰকাশ কৰাৰ আলমত অসম চৰকাৰৰ এই ক্ষেত্ৰত আঁচনি কি বুলিও সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বৈশ্যই প্ৰশ্ন কৰে । প্ৰসংগক্ৰমে বৈশ্যই কয় যে আনটো বাদেই বাংলাদেশী বিদেশী সমস্যাৰ বাবে জাতিয় নায়ক উপাধি পোৱা ,জাতি মাটি ৰক্ষাৰ শ্লোগান দি মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোনোৱালক সন্মুখত ৰাখি ২০১৮ চনৰ ৮ মাৰ্চত অসম ভ্ৰমণলৈ অহা বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে অসমৰ মাটি থিয় হৈ অসমত এজনো বিদেশী নাই বুলি কোৱাৰ পিছতো মৌন সমৰ্থন কৰা নেতাই নিজৰ দুমুখীয়া স্থিতি প্ৰমাণ কৰা বুলি কটাক্ষ কৰে। এওঁলোকে ভোট পাবলৈ অবৈধ বিদেশীয়ে আমাৰ অস্তিত্ব বিপন্ন কৰা বুলি আবেগিক কৰি ৰাজপাত দখল কৰে আৰু গাডী বচাবলৈ এজনো বিদেশী নাই বুলি কোৱা মন্তব্যৰো সমৰ্থন কৰে। হিন্দু যুৱ ছাত্ৰ পৰিষদে আজিও ১৯৫১ চন অবৈধ বিদেশী চিনাক্ত ভিত্তি বৰ্ষ হিচাপে দাবী তোলে। অসম আৰু ভাৰত চৰকাৰক চিনাক্ত হোৱা বিদেশীক উভতাই লোৱাৰ বাবে বাংলাদেশৰ লগত দ্বিপাক্ষিক চুক্তিৰ দাবী তোলে বৈশ্যই । সংবাদ মেলত চিনাক্ত হোৱা বিদেশীক কেনেকৈ খেদিব তাৰ ৰূপৰেখা ষ্পষ্ট কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়। যদি চৰকাৰৰ এনে কোনো ৰূপৰেখা নাই হিন্দু যুৱ ছাত্ৰ পৰিষদে ভাবিবলৈ বাধ্য হব যে এইখন চৰকাৰেও পূৰ্বৰ চৰকাৰৰ দৰে ৰাজপাতৰ বাবেহে বিদেশী সমস্যাটোক টানি লৈ ফুৰিছে বুলি মন্তব্য কৰে। সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ গোহাঁই, বিত্ত বিকাশ বৰদলৈ, উপ সভাপতি দিবাকৰ দাস, নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ মজুমদাৰ, সম্পাদক ডিম্বেশ্বৰ কলিতা সহ কেইবাজনো নেতা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close