অসমশীৰ্ষ

আউলা চৌকাত সুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ কৰ্ম শালাৰ শুভাৰম্ভণি

প্ৰথম খবৰ,মঙলদৈ:মঙলদৈৰ আউলাচৌকাত পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অলপতে অনুষ্ঠিত হয় এখনি বিশেষ সুকনান্নী ওজাপালি আৰু দৰঙৰ দেওধনী নৃত্যৰ কৰ্ম শালাৰ ৷উল্লেখ্য যে এই শুভ অনুষ্ঠান টি মুখ্যমন্ত্ৰীৰ সমগ্ৰ গাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নবজাগৰণ অভিযান সমাজৰ উদ্যোগ তথা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্হ ছিপাঝাৰ সাংস্কৃতিক কেন্দ্ৰ দৰঙৰ সৌজন্যত ১৪ছেপ্তেম্বৰ পৰা২৮ ছেপ্তেম্বৰ লৈ সুকনান্নী ওজাপালি আৰু দেওধনী নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈ থাকিব ৷১৪ ছেপ্তেম্বৰ অনুষ্ঠানৰ আতঁ ধৰে মঙলদৈ পৰা প্ৰকাশিত দ্বাৰম আলোচনীৰ সম্পাদক গৌতম শৰ্মা ই আৰু উদীয়মান ঘোষক ত্ৰিদিপ কলিতাই সমগ্ৰ অনুষ্ঠান টি পৰিচালনা কৰে ৷সভাত আদৰণি ভাষণ আগবঢ়াই জিলা সাংস্কৃতিক উন্নয়ন বিষয়া ধনদা দাস হাজৰিকাই ৷অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দৰঙৰ লোক কৃষ্টিৰ বিষয়ে বহুল ব্যাখ্যা আগবঢ়াই শিশুমহীয়ান তথা সাহিত্যিক পেঞ্চনাৰ জিতেন ভাগৱতী ,লোকসংস্কৃতিৰ গৱেষক সাহিত্যিক তৰুণ আজাদ ডেকা ,দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা ,জিলা সাহিত্য সভাৰ সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা প্ৰাক্তন সম্পাদক সৎৰাম ডেকা ,অধ্যক্ষ তপন কুমাৰ শৰ্মা ,সংগীত নাটক একাডেমিৰ প্ৰকল্প বিষয়া ,নাট্য শিল্পী তুলসী শইকীয়া ,সুকনান্নী ওজা শোভন শৰ্মা ,তীৰ্থ শৰ্মা ,গুৰু দ্ৰোৰ্ন ভুঞা ,ব্যাহ শিল্পী কিংকৰ নাথ ,দৰং জিলা পৰিষদৰ সদস্য দুৰ্লভ শৰ্মা ধৰ্মালোচক গৌৰীকান্ত শৰ্মা ৰ৷উপৰিও জিলাখনৰ প্ৰায় ৩০ জন মান শিল্পী উপস্থিত থকা অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই সুন্দৰ গীত পৰিৱেশন কৰি এই অনুষ্ঠান টিৰ সৌষ্ঠৱ কঢ়িয়াই আনে।

Related Articles

Leave a Reply

Close