অসমশীৰ্ষ

আপতা”ৰ কেন্দ্ৰীয় অধ্যক্ষ জেহিৰুল ইছলামৰ উপস্থিতিত জিলা সমিতি গঠন

প্ৰথম খবৰ,পাৰ্থ প্ৰতীম বৰুৱা, বাদুলিপাৰা:অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত আগৰ খেতি তথা ব্যৱসায়ে বিগত বৰ্ষ সমূহত সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।আগৰ খেতি আৰু ব্যৱসায়ে শিক্ষিত নিবনুৱাৰ লগতে খাতি খোৱা দৰিদ্ৰ জনকো লাভাম্বিত কৰাৰ মহান উদেশ্য আগত ৰাখি কালি(দেওবাৰে) গোলাঘাট জিলাৰ বাদুলিপাৰ মজদুৰ ক্লাৱত বিশিষ্ট আগৰু খেতিয়ক,ব্যৱসায়ী,গৱেষক আৰু সাঁচি ভেঁকুৰৰ উদ্ভাৱক এম.জে.আই.গ্ৰুপৰ অধ্যক্ষ তথা অল আছাম আগৰউড প্লেন্টাৰ্ছ ট্ৰেডাৰ্ছ এছ’চিয়েচনৰ অধ্যক্ষ জেহীৰুল ইচলামৰ উপস্থিতিত স্থানীয় সমাজসেৱক তথা শিক্ষক দেৱকান্ত বড়াৰ সভাপতিত্বত জিলা সমিতি গঠনৰ উদেশ্যে আবেলি ২বজাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।অনুস্থিত সভাত “আপতা”ৰ অধ্যক্ষ গৰাকীয়ে আগৰু খেতি তথা ব্যৱসায়ে কেনেদৰে কৃষক সকলক উপকৃত কৰিব সেই সম্পৰ্কে ব্যাখ্যা কৰাৰ লগতে সাঁচি খেতি আৰু ব্যৱসায়ে কেনদৰে অসমখনক আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ লগত ফেৰ মিলাব পাৰিব সেই বিষয়ে সভাত অৱগত কৰে। তেওঁ লগতে কয় যে এক বিঘা মাটিত কৰা সাঁচি খেতিত ১২বছৰত এটা পৰিয়ালে ৫০ৰপৰা ৭০লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও সাঁচি খেতিৰ মাজে মাজে অতিৰিক্ত খেতি হিচাপে যদি হালধি বা আদা খেতি কৰা যায় তাৰ পৰাও কৃষক সকলে বছেৰকত ৫০,০০০টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব বুলি মন্তব্য কৰে। এই ক্ষেত্ৰত শাসনাধিষ্ঠ (বিজেপি) চৰকাৰে লোৱা সিদ্ধান্তও সভাত অৱগত কৰে।সভাই বিজেপি চৰকাৰে লোৱা মহান পদক্ষেপক এক আদৰণীয় প্ৰদক্ষেপ বুলি গণ্য কৰে। সাঁচি খেতি ব্যৱসায়ে কেনেদৰে স্বাৱলম্বী কৰিব সেই বিষয়ে সভাত উপস্থিত থকা ভালেকেইজন গন্য-মাণ্য ব্যক্তিয়ে বক্তব্য ডাঙি ধৰাৰ উপৰিও আগৰুৰ যি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষনা প্ৰকল্প সেয়টো গোলাঘাটত হোৱাৰ কথা অৱগত কৰে।আগৰুৰ গৱেষনা প্ৰকল্পটো গোলাঘাটত হোৱাৰ কথা শুনি উপস্থিত সকলো উৎফুল্লিত হোৱা পৰিলক্ষীত হয়।অনুষ্ঠিত সভাত আপতা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰি সভাপতি চিৰাজুল হক,কেন্দ্ৰীয় সমিতিৰ সদস্য মানিক আলি,বিশিষ্ট ব্যৱসায়ী ৰাজুমনি হুছেইন,গোলাঘাট জিলা বিজেপি যুৱ মৰ্চাৰ সম্পাদক প্ৰদ্যুত খাউণ্ড,ধ্ৰুৱজ্যোতি গগৈ,ফজিৰ আহমেদ সহ দুই শতাধীক ৰাইজ উপস্থিত আছিল।কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষকে প্ৰমুখ্য কৰি সভাৰ সভাপতি তথা ৰাইজৰ উপস্থিতিত মানিক হুছেইনক সভাপতি,প্ৰদ্যুৎ খাউণ্ড আৰু আলাউদ্দিন চুলতানক সাধাৰন সম্পাদক হিচাপে লৈ ৪০জনীয়া এখন জিলা সমিতি গঠন কৰা হয়।সভাখনৰ আঁত ধৰে চিৰাজুল হকে।

Related Articles

Leave a Reply

Close