অসমশীৰ্ষ

এম এন চি কলেজৰ নৱাগত আদৰণি সভাত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ,নলবাৰী: নলবাৰী জিলাৰ নাৰী শিক্ষাৰ অন্যতম এম এন চি কলেজত অনুষ্ঠিত নৱাগত আদৰণি সভাত সংঘটিত অপ্ৰীতিকৰ ঘটনাই বৌদ্ধিক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত নৱাগত আদৰণি সভাত নিশালৈ আমন্ত্ৰিত শিল্পী বাবুই সংগীত পৰিবেশ কৰিছিল। পিছে আদৰণি অনুষ্ঠানত নৈতিকতাৰ উমান দিয়াৰ সলনি মাৰপিট, উত্তপ্ত, উদণ্ড ব্যৱহাৰৰ হে শিক্ষা দিয়া হল ছাত্ৰ ছাত্ৰীক। এচাম উতনুৱা যুৱকে কিছু সময়ৰ ভিতৰতে ছাত্ৰী সকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে । কোনোৱে কাৰো মাত কথা শুনাত নাই। মাথো এজনে আজনৰ ওপৰত জপিয়াই পৰে আৰু ডেস্ক বেঞ্চ ভাঙি হাতে হাতে ভঙা টুকুৰাৰ লৈ আনন্দৰ কৰে। এচাম অভিভাবকে জনোৱা মতে কলেজৰ এনে অনুষ্ঠানত বাহিৰৰ পৰা এচাম যুৱক সোমাই এইদৰে উত্তপ্ত কৰিছে। এতিয়া প্ৰশ্ন হৈছে কলেজখনত ছাত্ৰী সকলৰ নিৰাপত্তা কত ? অভিযোগ অনুসৰি কলেজ কৰ্তৃপক্ষৰ সোপাধিলা প্ৰশাসনিক দায়বদ্ধতাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে। ইফালে কলেজৰ অধ্যক্ষ ডঃ কৃষ্ণ চন্দ্ৰ গৌড়ে সংবাদ মাধ্যমক কয় যে এনেবোৰ অনুষ্ঠানত এনে ঘটনাক লৈ উপায় নাই । অধ্যক্ষ গৰাকীৰ দ্বায়িত্বহীন মন্তব্যত ৰাইজ তথা অভিভাবকে গভীৰ চিন্তিত হে পৰিছে ।

Related Articles

Leave a Reply

Close