অসমশীৰ্ষ

ওদালগুৰিৰ আটাৰীখাটত পৌষ্টিক সপ্তাহ পালন

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি জিলাৰ ভেৰগাঁও সংহত শিশু উন্নয়ন কাৰ্য্যলয়ৰ উদ্যোগত তথা ৱৰ্ল্ড ভিজন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত আজি আটাৰীখাট চাহ বাগিচাত পৌষ্টিক সপ্তাহ পালন কৰা হয়৷ পৌষ্টিক সপ্তাহত শিশুসকলক শিক্ষা,স্বাস্থ্য দিশৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ বিশেষকৈ চাহ বাগিচা অঞ্চলৰ ছাত্ৰছাত্ৰীৰ শিক্ষা,স্বাস্থ্য আৰু অভিভাৱকৰ কৰনীয় ভুমিকাতো আলোচনাচক্ৰ অনুষ্ঠিত হয়৷ তিনিশতাধিক আশা কৰ্মী,অংগনবাড়ী কৰ্মী উপস্থিত হোৱা কাৰ্যসূচীত ৱৰ্ল্ড ভিজনৰ কো অৰডিনেটৰ সনাতন বসুমতাৰী, শিশু উন্নয়নত কাম কৰি অহা স্বেচ্ছাসেৱী সংগঠনৰ কনিকা দাস,মৃদুলা বড়ো ,আটাৰীখাট চাহ বাগিচাৰ চিকিৎসক ডি পি গোস্বামী উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close