অসমশীৰ্ষ

ওদালগুৰিৰ ডিমাকুছি সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি জিলাৰ অসম-ভূটান সীমান্তৰ অন্যতম ৰাজহুৱা অনুষ্ঠান ডিমাকুছি শেখৰ সমবায় সমিতিৰ২০১৮_১৯ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা আজি দিনজোৰা কাৰ্য্যসূচীৰে সমিতিৰ বাকৰিত অনুষ্ঠিত হ’য়৷ ডিমাকুছি শেখৰ সমবায় সমিতিৰ সভাপতি নন্দৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক মনোজ দৈমাৰীয়ে আয় ব্যয়ৰ হিচাপ দাখিল কৰে৷সম্পাদক দৈমাৰীয়ে ২০১৮-১৯বৰ্ষত সমবায় সমিতিৰ ১৭লাখ দুহেজাৰ লাভাংশৰ প্ৰতিবেদন দাখিল কৰে৷ সভাত বিভাগীয় কাৰ্য্যলয়ৰ নীৰীক্ষক অনিল স্বৰ্গীয়াৰী,সঞ্জয় সৰকাৰ উপস্থিত থাকে। সভাত প্ৰায় চাৰিশতাধিক অংশীদাৰী ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close