অসমশীৰ্ষ

 ওদালগুৰি জিলাৰ ডিমাকুছিত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব ২৪ তম বড়োলেণ্ড গেলেণ্টেচ গ্লোড কাপ ফুটবল প্ৰতিযোগিতা

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বৃহত্তৰ ডিমাকুছিত কাইলৈৰ পৰা অনুষ্ঠিত হ’ব ২৪ তম বাৰ্ষিক বড়োলেণ্ড গেলেণ্টচ গ্লোড কাপ ফুটবল প্ৰতিযোগিতা । ডিমাকুছি আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা , ডিমাকুছি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ডিমাকুছি অঞ্চলবাসী ৰাইজৰ সহযোগত বিগত বছৰৰ দৰে এই বছৰো অহা কাইলৈৰ পৰা অৰ্থাৎ ২২ ছেপ্তেম্বৰ ৰবিবাৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ ফুটবল টুৰ্নামেণ্ট অনুষ্ঠিত কৰা হ’ব । উক্ত ফুটবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন ফুটবল দলৰ লগতে ভাৰতৰ নাগালেণ্ড, মেঘালয়, আদি বিভিন্ন অঞ্চলৰ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব । কাইলৈৰ ৰাতিপুৱা পৰা অনুষ্ঠিত হ’ব লগীয়া ফুটবল প্ৰতিযোগিতা খনত পতাকা উত্তোলন কাৰ্য্য সূচীৰে আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰে জাক জকমকীয়াকৈ আৰম্ভ কৰিব । ডিমাকুছি ষ্টেডিয়ামত অনুষ্ঠিত ফুটবল খেলখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিযোগী দল সকলৰ সৈতে ভাৰত বৰ্ষৰ বহুকেইটা জনপ্ৰিয় ফুটবল দলে অংশ গ্ৰহণ কৰিব বুলি জনায় বিটিচি ৰ উপাধ্যক্ষ নৌৰ্শ্বান বড়োৱে । খেল উদ্বোধন কৰিব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰমোদ বড়োৱে কাইলৈ শুভাৰম্ভণি খেলখনত অংশ গ্ৰহণ কৰিব কোকোৰাঝাৰ বাৰৌংখা এফ. চি. আৰু গুৱাহাটী এচাম ষ্টেট ফুটবল একাডেমী দলে ! বিটিচি ৰ উপাধ্যক্ষ নৌৰ্শ্বান বড়ো আৰু ডিমাকুছি আঞ্চলিক এবছুৰ সভাপতি সম্পাদককে ধৰি খেল পৰিচালনা সমিতিৰ বিষয়বৱীয়া সকলে সকলো ৰাইজকে খেল দৰ্শন কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ।

Related Articles

Leave a Reply

Close