অসমশীৰ্ষ

ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি: কান্ধত নাঙল, হাতত খালি খাদ্যৰ পাত্ৰ লৈ ওদালগুৰিৰ টংলাত নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰী আৰু পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবীত ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।অতি শিঘ্রই নিত্য ব্যৱহাৰ্য্য সামগ্রীৰ মূল্য হ্ৰাস কৰক,পেট্রোল ডিজেলৰ মূল্য হ্ৰাস কৰক আদি কেইবাটাও দাবীৰে…নৰেন্দ্ৰ মোডী হায় হায়, খাদ্য সামগ্রীৰ মূল্য হ্ৰাস কৰক, আমাৰ দাবী মানিব লাগিব আদি স্লোগানেৰে কম্পমান টংলাৰ আকাশ বতাহ।শুক্ৰবাৰে দিনৰ ১২ বজাত ওদালগুৰি জিলাৰ টংলা চহৰৰ হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সমুখত এটি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে।অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ, অসমৰ বিত্ত মন্ত্রী, মূখ্য সচিব অসম আৰু অতিৰিক্ত মূখ্য সচিব অসম চৰকাৰলৈ ওদালগুৰি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰন সম্পাদক পংকজ অসমীয়া আৰু সৎৰাম বড়া সভাপতি দীপক শৰ্মাই স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close