অসমশীৰ্ষ

খেৰণিত অঙ্গনবাদী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ,খেৰণি:সমগ্ৰ দেশতে যোৱা ১ ছেপ্টেম্বৰৰ পৰা অহা ৩০ ছেপ্টেম্বৰ তাৰিখৰ লৈকে পালন কৰি থকা ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে আজি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিতো বৃহত্তৰ খেৰণি অঙ্গনবাদী কেন্দ্ৰসমূহৰ উদ্যোগত পোষণ মাহ পালনৰ কাৰ্যসূচী ৰূপায়ন কৰে অঙ্গনবাদী কৰ্মীসকলে। গুৰুত্বপূৰ্ণ যে অঙ্গনবাদী কৰ্মীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ খেৰণিৰ মাজমজিয়াৰ পৰা এক সমদল উলিয়াই বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজৰ মাজত পুষ্টিহীনতা হ্ৰাস আৰু দূৰ কৰক, নাৰী সুৰক্ষা প্ৰদান কৰক, শিশু নিৰ্যাতন-শিশু শ্ৰমিক নিয়োগ বন্ধ কৰক, প্ৰসূতি মাতৃৰ যত্ন লওঁক আদি শ্লোগানেৰে সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰাৰ লগতে নাৰী নিৰ্যাতন, শিশু নিৰ্যাতন-শিশু শ্ৰমিক নিয়োগ আদি বিষয়বোৰৰ বিৰোধিতা কৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্তও কৰে অঙ্গনবাদী কৰ্মীসকলে। আনহাতে এনেবোৰ বিষয়ৰ ক্ষেত্ৰত ৰাইজক সজাগ হবলৈ আহ্বান জনায় কৰ্মীবৃন্দই।

 

Related Articles

Leave a Reply

Close