অসমশীৰ্ষ

খেৰণিত খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন

প্ৰথম খবৰ,খেৰণি:পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়ন সাধনৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন আৰু বিকাশ সাধন কৰাতোও হৈছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ চৰকাৰৰ অন্যতম উদ্দেশ্য। ফলস্বৰূপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ চৰকাৰে অসম চৰকাৰৰ পুঁজিৰে তথা উন্নয়ন সাধনৰৰ লক্ষ্যৰে এইবাৰ বাছি লৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি হাই স্কুল আৰু খেৰণি ক্ৰীড়া সংস্থাৰ অধীনত থকা খেৰণি হাই স্কুল খেলপথাৰক। উক্ত খেলপথাৰখনৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ জৰিয়তে কাৰ্বি পৰিষদে ইতিমধ্যে অনুমোদন আৰু মুকলি কৰি দিছে ২০ লাখকৈ টকা খেলপথাৰ উন্নয়নৰ বাবদ। উল্লেখ্য যে আৱণ্টিত এই ধনৰাশিৰ যোগেদি খেলপথাৰখনৰ ভূমি উন্নয়ন, চৌহদ দেৱাল, ফুটবল গ’ল পষ্টকে ধৰি শৌচালয় আদি নিৰ্মাণ কৰা হব খেলপথাৰখনত। এনেবোৰ লক্ষ্য আৰু পৰিকল্পনা হাতত লৈ খেলপথাৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আনুষ্ঠানিকভাৱে আজি আধাৰশিলাও স্থাপন কৰে কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য পৱন কুমাৰে। লগতে আধাৰশিলা স্থাপনৰ এই মাংগলিক অনুষ্ঠানত উপস্থিত থাকে আন এগৰাকী পৰিষদীয় সদস্যা ৰিণা তেৰাংপি, খেৰণি হাই স্কুলৰ প্ৰধান শিক্ষক দিলীপ কলিতা, খেৰণি ক্ৰীড়া সংস্থাৰ সভাপতি ধনছিং ডেৰা, সম্পাদক অবিনাশ বে’, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য বিষয়ববীয়াসকল।

Related Articles

Leave a Reply

Close