অসম

খেৰণি চচেংং সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা

কনক দেউৰী, খেৰণি, ১২ ছেপ্টেম্বৰ:–পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অৱস্থিত চচেং বহুমুখী সমবায় সমিতিৰ কাৰ্যালয় চৌহদত আজি অনুষ্ঠিত হয় সমবায়খনৰ এখন বাৰ্ষিক সাধাৰণ সভা। সমবায়ৰ স্থায়ী সভাপতি ধনছিং ডেৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সম্পাদিকা ৰোজ বেপীয়ে সমবায়খনৰ বাৰ্ষিক হিচাপ-নিকাচৰ তথ্য আদিৰ কথা সদৰি কৰে। বিপৰীতে সভাত উপস্থিত থকা সমবায়খনৰ অংশীদাৰ, সদস্য আৰু আন আন বিষয়ববীয়াৰ সৰ্বসন্মতি মৰ্মে অনাগত দিনত সমবায় পৰিচালনাৰ বাবে প্ৰয়োজনীয় পুঁজি, উন্নয়ন, আন্তঃগাঁথনিক উন্নয়ন, উপাৰ্জন সম্পৰ্কীয় ব্যৱসায়, চৰকাৰী সাহাৰ্য আদিৰ বিষয়ে আলোচনা কৰে আৰু এই বিষয়সমূহ প্ৰস্তাৱ আকাৰে লৈ চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন তথা দাবী উত্থাপিত কৰিব বুলি উল্লেখ কৰে। আনকি বিগতবৰ্ষত গ্ৰহণ কৰা প্ৰস্তাৱ আৰু দাবী অনুসৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা চৰকাৰীভাৱে ইতিমধ্যে সমবায়খনে এটি কাৰ্যালয় গৃহ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে সমবায়খনৰ সম্পাদিকাগৰাকীয়ে। অনুষ্ঠিত সভাত নিৰীক্ষক হিচাপে উপস্থিত থাকে বিভাগীয় বিষয়া যুৱৰাজ থাউছেন। আনহাতে অনুষ্ঠিত অনুষ্ঠানৰ লগত সংগতি ৰাখি চচেং বহুমুখী সমবায় সমিতিৰ কাৰ্যালয় চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী হিচাপে নাৰিকল গছৰ পুলিও ৰোপণ কৰে উপস্থিত ব্যক্তিবৃন্দই।

Related Articles

Leave a Reply

Close