অসমশীৰ্ষ

গুৱাহাটী আই আই টি আৰু কটন বিশ্ববিদ্যালয়ৰ মাজত শৈক্ষিক আৰু প্ৰশাসনিক সহযোগিতাৰ চুক্তি স্বাক্ষৰ

প্ৰথম খবৰ,পঙ্কজ নাথ, চাংসাৰি:উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিত বিজ্ঞান প্ৰযুক্তি শিক্ষা গ্ৰহণৰ বাবে দেশী বিদেশী শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণ কৰি আহিছে । ঠিক সেইদৰে বৰ্তমানৰ কটন বিশ্ববিদ্যালয় অসমৰ এখন আগশাৰীৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান পুৰ্বৰ ঐতিহ্যমণ্ডিত ১৯০১ চনত স্থাপিত কটন কলেজতো বহুতো শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে । আজি গুৱাহাটী আই আই টিত উত্তৰ পূৰ্বাঞ্চলৰ এই দুয়োখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত শৈক্ষিক আৰু প্ৰশাসনিক দিশত সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হয়। আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ভবেশ গোস্বামীয়ে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণত গুৱাহাটী আই আই টি ৰ সহযোগীতা বিচাৰে। এনেদৰেই গুৱাহাটী আই আই টি আৰু কটন বিশ্ববিদ্যালয় মাজত শৈক্ষিক আৰু প্ৰশাসনিক সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হয় । ইয়াৰ লগতে এক দ্বৈত প্ৰনালী বিকাশৰ বাবেও দুয়োখন অগ্ৰণী প্ৰতিষ্ঠানে আগ্ৰহ প্ৰকাশ কৰে। আনহাতে গুৱাহাটী আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামে দুয়োখন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দুয়োখন অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠানে একেলগে কাম কৰাৰ ওপৰত জোৰ প্ৰদান কৰি শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰী সকলক আৰু অধিক আগুৱাই লৈ যাব বিচাৰে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close