অসমশীৰ্ষ

চৰাইদেউৰ দুজনকৈ অসম আন্দোলনৰ নিৰ্যাতিতই আজিলৈকে লাভ নকৰিলে চৰকাৰী স্বীকৃতি।বাৰে বাৰে চৰম ত্যাগক প্ৰতাৰণা চৰকাৰৰ

প্ৰথম খৱৰ,সোণাৰি:অসম তথা অসমীয়াৰ সংগ্ৰামী ইতিহাসৰ অন্যতম অসম আন্দোলন। ১৯৮৫ চনৰ পোন্ধৰ আগষ্টত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্বৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক অসম চুক্তিৰ ফলশ্ৰুতিত পৰি সমাপ্তি ঘটিছিল বিদেশী বিতাৰণৰ এই আন্দোলনৰ। চৰকাৰী তথ্য অনুসৰি এই আন্দোলনত ৮৫৫জন শ্বহীদ হ’ল। নিৰ্যাতন ভুগিলে শত সহস্ৰজনে।অসম আন্দোলনত চৰম ত্যাগ স্বীকাৰ কৰা সেইসকল সেনানীক মনত ৰাখিছে কোনে?সেই সকলৰ ত্যাগৰ ফলতেই ৰাজভোগ কৰা নেতা পালিনেতাই কিন্তু বাৰে বাৰে চৰম প্ৰতাৰণাহে কৰি আহিছে অসম আন্দোলনৰ এই সকল সেনানীক।এইয়াই হল আজিৰ দিনত নিৰ্মম বাস্তৱ।অসম তথা অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত আন্দোলনৰ নামত এইসকল সেনানীয়ে দেহত আঘাতৰ চিন লৈ এতিয়াও তেওঁলোকে ৰোমন্থন কৰে অসম আন্দোলনৰ সেই ভয়াবহ দিনবোৰৰ কথা। উল্লেখ্য যে অবৈধ বিদেশী অনুপ্ৰবেশকাৰী সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ১৯৭৮ চনৰপৰা ১৯৮৫চনলৈকে অসমত যি আন্দোলন গঢ়ি উঠিছিল সেই আন্দোলনে বিশ্বব্যাপী চৰ্চা আৰম্ভ কৰিছিল। তেনে সময়তে ১৯৮৫ চনত কেন্দ্ৰীয় চৰকাৰ তথা আন্দোলনকাৰী শীৰ্ষ নেতৃত্বৰ মাজত স্বাক্ষৰিত হৈছিল এক ঐতিহাসিক অসম চুক্তিৰ। ফলশ্ৰুতিত পৰি সমাপ্তি ঘটিল ছবছৰীয়া অসম আন্দোলনৰ। আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ উপৰিও আঘাতপ্ৰাপ্ত তথা চৰকাৰী পক্ষৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল সহস্ৰাধিকৰ। পৰৱৰ্তী সময়ত অনাদৃত হৈ ৰোৱাৰ লগতে চৰকাৰৰ সুদৃষ্টি পৰা নাছিল এইসকল আন্দোলন কাৰীৰ ওপৰত। ২০১৬ বৰ্ষত ৰাজ্যত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে শাসনৰ বাঘজৰীডাল হাতত লৈয়েই আন্দোলনৰ শ্বহীদ পৰিয়ালৰ লগতে নিৰ্যাতনৰ সন্মুখীন হোৱা আন্দোলনকাৰী সকলক স্বীকৃতি প্ৰদান কৰাৰ লগতে আৰ্থিক সহযোগিতা আগবঢ়াবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু এই পদক্ষেপে ঢুকি নাপালে অসম আন্দোলনৰত সক্ৰিয় অংশগ্ৰহণ কৰি চৰকাৰী পক্ষৰ নিৰ্যাতনৰ সন্মুখীন হোৱা চৰাইদেউ জিলাৰ দুগৰাকী ব্যক্তি।ঐতিহাসিক জিলাখনৰ সোণাৰি বিধানসভা সমষ্টিৰ লংপতীয়া গাঁও পঞ্চায়তৰ অধীনৰ এই দুগৰাকী ব্যক্তি হ’ল মিৰিপথাৰ গাঁৱৰ ভোলা গগৈ আৰু হাতীপুখুৰী অঞ্চলৰ পৰমাণ বৰুৱা। দুয়োগৰাকী ব্যক্তিয়ে গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হৈছিল যদিও ৰজাঘৰৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই এতিয়াও। চৰকাৰী নিৰ্দেশনা অনুসৰি দুয়োগৰাকী ব্যক্তিয়ে নিৰ্যাতিতসকলৰ বাবে চৰকাৰে আগবঢ়োৱা দুই লাখ টকা সাহাৰ্যৰ বাবে আবেদন কৰিছিল যদিও আজিলৈকে লাভ নকৰিলে সাহাৰ্যৰ নামত এটি ফুটাকঢ়িও। মন কৰিবলগীয়া যে ভোলা গগৈয়ে পশুপালন বিভাগত এটা চাকৰি কৰিছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত চাকৰিৰপৰা অব্যাহতি লবলগীয়া হোৱাৰ বিপৰীতে পৰমান বৰুৱা নামৰ ব্যক্তি জনে দিন হাজিৰা কৰাৰ লগতে মূলধন অবিহনে বেপাৰীৰপৰা বস্তু ধাৰে লৈ খুচুৰা সামগ্ৰী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে তাৰ পাছতো খৱৰে নাই অসম চৰকাৰৰ।উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সংসদীয় ৰাজনীতিত যোগদান কৰি সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ,মন্ত্ৰী তথা বৰ্তমান যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা তপন কুমাৰ গগৈৰ ওচৰতো দুয়োগৰাকী ব্যক্তিয়ে আবেদন জনাইছিল যদিও আজিলৈকে লাভ নকৰিলে চৰকাৰী স্বীকৃতি তথা সাহায্যৰ। যাৰ ফলত পুনৰবাৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দুয়োগৰাকী অসম আন্দোলনৰ নিৰ্যাতিতই।জীৱনৰ সোণালী সময় ছোৱাতে অসম তথা অসমীয়াৰ বাবে চৰম ত্যাগ স্বীকাৰ কৰি পংগুত্ব জীৱন অতিবাহিত কৰা চৰাইদেউৰ এই দুজন সংগ্ৰামীৰ খৱৰ লবলৈ ৰজাঘৰীয়াৰ সময় হবনে??

Related Articles

Leave a Reply

Close