অসমশীৰ্ষ

জিলা স্বাস্থ্য বিভাগৰ অৱহেলাৰ বাবে সিমিত সংখ্যক ৰুগীৰে সম্পন্ন হল বিশাল স্বাস্থ্য মেলা

প্ৰথম,খবৰ,বাদুলিপাৰা,পাৰ্থপ্ৰতীম বৰুৱা:গোলাঘাট জিলা স্বাস্থ্য বিভাগ , গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত চাৰিঙ্গীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি বানাক্ৰান্ত ৰাইজৰ সাহাৰ্য্যাথে আজি বাদুলিপাৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত এক বিশাল স্বাস্থ্য মেলা আয়োজন কৰা হয়। আয়োজন কৰা স্বাস্থ্যমেলাত দুপৰীয়া ভাগলৈকে অৰ্ঠাৎ(১১বজালৈকে) কোনো ৰুগী অথবা স্থানীয় ৰাইজৰ উপস্থিতি দেখা পোৱা ন’গল।৯-৩০বজাত বোকাখাত বিধান সভা সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই উদ্ধোধন কৰিবলগীয়া স্বাস্থ্যমেলাখনি মন্ত্ৰীগৰাকীৰ বিশেষ কাৰন বষত উপস্থিত থাকিব নোৱাৰাত অগপ,বাদুলিপাৰ আঞ্চলিকৰ সম্পাদক দিমান গগৈয়ে দুপৰীয়া প্ৰায় ১১মান বজাত কেৱল বিভাগীয় বিষয়া কৰ্মচাৰী আশা কৰ্মীৰ উপস্থিতিত উদ্ধোধন কৰে।গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা:ৰাতুল চন্দ্ৰ বৰদলৈয়ে সভাপতিত্ব কৰা সভাখনত জেষ্ঠ চিকিৎসক ডা:অনিল দাস,ডা: নীল পেগু,চাৰিঙ্গিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা:হেমন্ত কুমাৰ হাজৰীকা,বাদুলিপাৰৰ সমাজসেৱক ক্ৰমে-যতীন্দ্ৰ কুমাৰ গগৈ, প্ৰনৱ কুমাৰ বড়া,দূৰ্ল্লভ ভুঞা,ভবেশ বড়া,সংবাদ কৰ্মী চন্দন গগৈ,অজিৎ গগৈ আদি উপস্থিত আছিল। পৰিতাপৰ কথা এই যে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিশেষকৈ বানাক্ৰান্ত ৰাইজৰ সাহাৰ্য্যাৰ্থে যি “বিশাল” শব্দ নামাকৰনেৰে স্বাস্থ্যমেলাৰ আয়োজন কৰিছিলে সেই স্বাস্থ্যমেলাত ভাষন প্ৰসঙ্গতে উপস্থিত থকা কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মূলত:প্ৰচাৰ নোহোৱাৰ বাবে বানাক্ৰান্ত অঞ্চলৰ ৰুগী দেখা পোৱা ন’গল বুলি মন্তব্য কৰে ।লগতে কয় যে ভবিষ্যতলৈ এনেধৰনৰ আয়োজন কৰিবলগীয়া হলে স্থানিয় সংগঠন সমোহক অৱগত কৰিলে আশানুৰোপ ফল পোৱা যাব বুলি মন্তব্য কৰে ।অনুষ্ঠিত সভাখনৰ আঁত ধৰে চাৰিঙ্গিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য প্ৰশিক্ষক দিলীপ বৰুৱাই। আনহাতে স্বাস্থ্য শিবিৰত উপস্থিত থাকি স্বাস্থ্য সেৱা আগবঢ়াই ডা:ভাস্কৰ খেৰিয়া,ডা:লিজা দেৱী,ডা: ৰিতুপন শৰ্মা,ডা:তনু গগৈ, ডা:নিৰ্মালী খাউণ্ড,ডা: অৰ্পিতা পাল,ডা অৰ্পণা দাসে। চিকিৎসা শিবিৰত মুঠ ১৮৩ জন ৰুগীক সেৱা আগবঢ়োৱা হয় বুলি জানিবলৈ দিয়। উল্লেখ যে আজি বিশাল স্বাস্থ্য শিবিৰত বিভিন্ন ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষদ ৰোগীক বিতঁৰন কৰা হয়।

Related Articles

Leave a Reply

Close