অসমশীৰ্ষ

ডিব্ৰুগড়ত সাংবাদিকক ভাবুকি আৰক্ষীৰ

যুৱ সাংবাদিক সন্থাৰ সম্পাদকক ভাবুকি

প্ৰথম খবৰ, ডিব্ৰুগড়: ডিব্ৰুগড় চহৰত পূৰ্বৰ তুলনাত ব্যাপকভাৱে যান জঁটৰ সমস্যা বৃদ্ধি পাব ধৰিছে ৷ এই যান জঁট সমূহ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাতো ইমান সম্ভৱপৰ নহয় যদিও চহৰখনত সৃষ্টি হোৱা যান জঁট সমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যান বাহন আৰক্ষী সকল যিমান সষ্টম হৈ থাকিব লাগে ইয়াৰ বিপৰীতে কিন্তু একাংশ যান বাহন আৰক্ষীৰ লোকে নিজ কৰ্ম দায়িত্ব সূচাৰুৰুপে পালন নকৰি যান জঁটৰ সমস্যাক পিঠি দি কেৱল বিশ্ৰাম লোৱাতেই ব্যস্ত হৈ থাকে ৷ একাংশ যান বাহন আৰক্ষীৰ এই অকৰ্মণ্য স্বৰুপ ফেচবুকত উদঙাই দেখুওৱাৰ বাবেই যুৱ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক কাঞ্চনজ্যোতি গোহাঁইক জনৈক অবিনাশ নামৰ এজন আৰক্ষী কনিষ্টবলে ফেচবুকযোগে কেৱল অপব্যৱহাৰ কৰাই নহয় প্ৰাণ মৰাৰো ভাবুকি প্ৰদান কৰিছে ৷ এই ক্ষেত্ৰত যুৱ সাংবাদিক সন্থাৰ সকলো সদস্যই আৰক্ষী কনিষ্টবলজনক গেপ্তাৰ কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ এইক্ষেত্ৰত শীৰ্ষ আৰক্ষীলৈও প্ৰেৰণ কৰিছে অভিযোগ পত্ৰ

Related Articles

Leave a Reply

Close