অসমশীৰ্ষ

ডিমাকুছিত বৰঙ্গাজুলি চাহ বাগিচাত কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি জিলাৰ বৰঙ্গাজুলি চাহ বাগিছাত কৰ্মচাৰী সকলে দৰমহা বৃদ্ধি নোহোৱাক লৈ তীব্ৰ প্ৰতিবাদেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

১৯৪৭ চনতে গঠন হোৱা অসম চাহ কৰ্মচাৰী সন্থাই c c p a ৰ বিৰুদ্ধে পোন প্ৰথমবাৰৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে ।ওদালগুৰি জিলাৰ মঙলদৈ চাৰ্কোলৰ অন্তৰ্ভুক্ত সকলো চাহ বাগিচাৰ লগতে বৰঙ্গাজুলি চাহ বাগিচাৰ কৰ্মচাৰীয়েও প্ৰতিবাদ কৰে ।চাহ কৰ্মচাৰী সকলে প্ৰত্যেক তিনি বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধিৰ চুক্তি থকাৰ পিছতো কমচাৰী সকলৰ আজিলৈ দৰমহা বৃদ্ধি নহ’ল । “c c p a হুচিয়াৰ “, “অসম চাহ কৰ্মচাৰী সন্থা জিন্দাবাদ “, “মালিক পক্ষ হুচিয়াৰ” ,

চাহ উদ্যোগ সংঘৰ ভুৱা প্ৰচাৰ ‘ আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে ।
উল্লেখ্য যোগ্য যে ২০১৮ মাৰ্চ মাহতে পূৰ্বৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছতো ১৭ মাহে নতুন চুক্তি ৰূপায়ন নোহোৱাত চাহ কৰ্মচাৰী সদস্য সকলে শাখা সংঘত জৱাব দিহি কৰে ।
কেন্দ্ৰীয় নেতৃবৰ্গই cc pa ৰ ব্যৱস্থা গ্ৰহন নকৰাক লৈ ccpa ৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।  চাহ কৰ্মচাৰী সকলে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি দিয়ে ।

Related Articles

Leave a Reply

Close