অসমশীৰ্ষ

ডিমাকুছিৰ সোনাজুলিত হত্যাকাণ্ডত জড়িত হত্যাকাৰীক কৰায়ত্ত ডিমাকুছি আৰক্ষীৰ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা,ডিমাকুছি:ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ১নং সোনাজুলিত ১৬ ছেপ্তেম্বৰত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ডিমাকুছি আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত তীব্ৰ অভিযান অব্যাহত ৰাখি ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমাংকুৰ হাজৰিকাই আজি হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ১নং সোনাজুলিৰ ৰাজেশ মিঞ্জ (৫০)নামৰ লোকজনক যোৱা ১৬ ছেপ্তেম্বৰৰ নিশা গাঁৱখনৰে দুজন লোকে মাতি গছৰ ডালেৰে আৰু ভৰিৰে লঠিয়াই হত্যা কৰিছিল । পিছত হত্যাৰ বলি হোৱা ৰাজেশ মিঞ্জৰ আত্মীয়ই থানাত গোচৰ দিয়া মতে এই হত্যাকাণ্ডত ১নং সোনাজুলিৰ ইলিয়াছ মাহাতু আৰু জোয়াকিম চোৰেণ জড়িত হৈ আছিল বুলি থানাত এজাহাৰ দাখিল কৰিছিল । ৰাজেশ মিঞ্জে মৃত্যুৰ আগত এই লোকদুজনৰ কথা প্ৰকাশ কৰিছিল ৷ এই ভাষ্যৰ ওপৰতে ৰাজেশ মিঞ্জৰ আত্মীয়ই হত্যাকাৰী দুয়োগৰাকীৰ বিৰুদ্ধে ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷ আনৰ গৃহত দিনহাজিৰা কৰি জীৱিকা চলোৱা ৰাজেশ মিঞ্জক হত্যা কৰি লোক দুজনে আত্মগোপন কৰি আছিল ৷ হত্যাকাৰীক বিচাৰি তীব্ৰ অভিযান চলাই থকা সময়তে কালি ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমাংকুৰ হাজৰিকাই হত্যাকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আজি ডিমাকুছি আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ১১৮/১৯ U/S ৩০২/৩৪ গোছৰ ৰুজু কৰি হত্যাকাৰী দুজনক ওদালগুৰিৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

Related Articles

Leave a Reply

Close