অসমশীৰ্ষ

ডিমাকুছি চাহ বাগিচাত অনুষ্ঠিত মঙ্গলদৈ চাৰ্কোলৰ অন্তৰ্গত আন্তঃ বাগিচা শ্বহীদ চক্ৰধৰ তছা সোৱৰণি নৈশ চুড়ান্ত ফুটবল প্ৰতিযোগিতাৰ সামৰণি

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বৃহত্তৰ ডিমাকুছি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত নৈশ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি । মঙ্গলদৈ চাৰ্কোলৰ অন্তৰ্গত ডিমাকুছি চাহ বাগিচাত ৮ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হোৱা আন্তঃ বাগিচা ফুটবল প্ৰতিযোগিতা ডিমাকুছি চাহ বাগিচাত স্বৰ্গীয় চক্ৰধৰ তছা সোৱৰণি নৈশ ফুটবল প্ৰতিযোগিতাৰ সামৰণি পৰে ।মঙ্গলদৈ চাৰ্কোলৰ অন্তৰ্গত ডিমাকুছি চাহ বাগিচা , বৰঙ্গাজুলি চাহ বাগিচা,বাদলাপাৰা চাহ বাগিচা, বামুণজুলি চাহ বাগিচা, পানেৰী চাহ বাগিচা, ভুটিয়াচাং চাহ বাগিচা, আটাৰীখাট চাহ বাগিচা, ভেৰগাঁও চাহ বাগিচা, আৰু মাজুলী চাহ বাগিচাৰ মাজত ৮ ছেপ্তেম্বৰৰ পৰা ২২ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ২য় বৰ্ষৰ নৈশ ফুটবল প্ৰতিযোগিতা সফল সামৰণি পৰে। দুবছৰ পিছত সোণালী জয়ন্তী হ’ব লগীয়া মঙ্গলদৈ চাৰ্কোলৰ অন্তৰ্গত চাহ বাগিচা সমূহৰ ফুটবল প্ৰতিযোগিতাত নিশা হাজাৰ হাজাৰ খেলপ্ৰেমী ৰাইজ উপস্থিত থাকে। ফাইনেল খেলখনৰ উদ্বোধন কৰে মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই, খেলখনত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে বিটিচি ৰ উপাধ্যক্ষ নৌৰ্শ্বান বড়ো , ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ শান্তিউছ কুজুৰ । উক্ত ফুটবল প্ৰতিযোগিতাত মঙ্গলদৈ চাৰ্কোলৰ বহুকেইখন চাহ বাগিচাৰ ফুটবল দলে অংশগ্ৰহণ কৰে । ৮ ছেপ্টেম্বৰ ৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা খনত ফাইনেল খেলখনত পতাকা উত্তোলন কাৰ্য্য সূচীৰে আৰম্ভ কৰি বিভিন্ন জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰে জাক জকমকীয়াকৈ আৰম্ভ কৰে । ডিমাকুছি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত ফুটবল খেলখনত বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ফুটবল প্ৰেমী ৰাইজে অংশ গ্ৰহণ কৰে।পানেৰী চাহ বাগিচা আৰু ভুটিয়াচাং চাহ বাগিচাৰ মাজত অনুষ্ঠিত চুড়ান্ত খেল খনত পানেৰী চাহ বাগিচাই ৪-২ ব্যৱধানত ভুটিয়াচাং চাহ বাগিচাক পৰাস্ত কৰি বিজয়ী হয়।

Related Articles

Leave a Reply

Close