অসমশীৰ্ষ

দুধনৈত আক্ৰাছুৰ ১২ ঘন্টীয়া অসম বন্ধৰ মিশ্ৰিত প্ৰভাব

প্ৰথম খবৰ, দুধনৈ,ভৱেশ চন্দ্ৰ ভাগৱতী:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভূক্ত নোহোৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বিনাচৰ্তে পুনৰ অন্তৰ্ভূক্তি কৰাৰ লগতে পৃথক কমতাপুৰ আৰু এই জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবীত আজি আাক্ৰাছুৱে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সামৰণি পৰে ৷ এই বন্ধৰ প্ৰভাৱত গোৱালপাৰা জিলাৰ দুধনৈৰ লগতে দুধনৈৰ নিকটৱৰ্তী ঠাই সমুহত জনজীৱন সামান্য ভাবে স্তব্ধ হৈ পৰে৷ বন্ধৰ ফলত দুৰণিবটীয়া যাত্ৰীবাহী বাছ সমুহৰ চলাচল বন্ধ থকাৰ উপৰিও ব্যবসায়ীক প্ৰতিষ্ঠান সমুহ বন্ধ থাকে৷ শিক্ষানুষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয় খোলা থাকে যদিও উপস্থিতিৰ সংখ্যা সেৰেঙা হোৱা দেখা যায়৷ এই তিনিওটা দাবী সমাধানৰ বাবে আক্ৰাছুৱে জনোৱা অসম বন্ধক পূৰ্ণ সমৰ্থন জনাই গোৱালপাৰা জিলা আক্ৰছুৰ সম্পাদক হিটলাৰ ৰয়ে সংবাদ মাধ্যমক কোৱা মতে এই তিনিটা সমস্যা অতি শীঘ্ৰে সমাধানৰ দাবীত অহা ৩০ চেপ্তেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় চৰকাৰ লগতে অসম চৰকৰক স্মাৰক পত্ৰ প্ৰদান কৰিব আৰু পৰৱৰ্তী সময়ত আন্দোলনৰ এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিব৷ আনহাতে ইয়াৰ পিচতো যদি চৰকাৰে এই সমস্যাটো সমাধানৰ বাবে আগবাঢ়ি নাহে তেতিয়া গোৱালপাৰা জিলা আক্ৰাছুৱে ২০২১ চনৰ নিৰ্বাচন বৰ্জন কৰাৰ বাবে সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমক জনায়৷ আক্ৰাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভাস্কৰ ৰয়ে অতি সোনকালে কোচৰাজবংশী জনগোষ্ঠীৰ এই তিনিটা সমস্যা অতি সোনকালে সমাধান কৰাৰ বাবে চৰকাৰক দাবী জনায়৷

Related Articles

Leave a Reply

Close