অসমশীৰ্ষ

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী:বিশ্বকৰ্মা পূজাৰ উলাহ মালহৰ মাজতে নিশা দুধনৈত দুটাকৈ পথ দুৰ্ঘটনাত সংঘটিত হয়। পৃথকে পৃথকে হোৱা দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত হোৱাৰ লগতে আহত হয় এগৰাকী যুৱতী সহ চাৰিজনকৈ লোক। দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ লোকে  উপ্তত্ত পৰিস্থিতিৰ সৃষ্টি কৰি দুধনৈ  চিকিৎসালয়ৰ আচবাব ভাঙি চুৰমাৰ কৰাৰ লগতে দুগৰাকীকৈ চিকিৎসকক মাৰধৰ কৰাৰ অভিযোগ দিয়া কৰ্তব্যৰত চিকিৎসকে৷ প্ৰাপ্ত তথ্য মতে যোৱা কালি নিশা দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত নয়াপাৰা আৰু আমজঙাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় একে সময়তে দুটাকৈ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী যুৱকে মৃত্যুক সাৱতি লয়। ইয়াৰে ৰংচাই থানাৰ অন্তৰ্গত কেতকীবাৰী গাওঁৰ ৰঞ্জন কুমাৰ ৰাভা এজন বাইক আৰোহীয়ে এগৰাকী যুৱতীক লগত লৈ ৰংজুলি গৈ থকা অৱস্থাত আমজোঙাত এখন ট্ৰাকৰ পিচত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত বাইক আৰোহী যুৱক জন থিতাতে নিহত হোৱাৰ লগতে যুৱতী গৰাকী গুৰুতৰ ভাবে আহত হয়৷ দুয়োকে ততাতয়াকৈ দুধনৈ চিকিৎসালয়লৈ লৈ অহাত কৰ্তব্যৰত চিকিৎসক জয়ন্ত চাহুয়ে আহত গৰাকীৰ চিকিৎসা আৰম্ভ কৰে৷ ঠিক একে সময়তে  দুধনৈ নিকটৱৰ্তী নয়াপাৰাত লেলা পুখুৰীপাৰা গাওঁৰ বাইক আৰোহী বিকাশ ৰাভাই দুধনৈ অভিমুখী দুজন চাইকেল আৰোহীক প্ৰচণ্ড খুন্দা মৰাৰ ফলত চাইকেল আৰোহী  দুজন চিটিকি পৰাৰ উপৰিও বিকাশ ৰাভা নামৰ যুবকজন গুৰুতৰ ভাবে আহত হয়৷ আটাইকইজনকে দুধনৈ চিকিৎসালয়লৈ লৈ অহাৰ পিচত ড’ জয়ন্ত চাহুয়ে আহত কেইজনক পৰীক্ষা কৰি বিকাশ ৰাভাক মৃত বুলি ঘোষণা কৰে৷ ডক্টৰে বিকাশ ৰাভাক মৃত বুলি ঘোষণা কৰাৰ পিচত পৰিয়ালৰ লোক সহ ৰাইজে বিকাশৰ মৃতদেহ দুধনৈ থানালৈ লৈ অহাৰ সময়তে আধাবাটৰ পৰা পুনৰ মৃতদেহ চিকিৎসালয়লৈ লৈ আহে আৰু বিকাশ ৰাভা জীয়াই থকা বুলি কৈ হুলস্থুলৰ সৃষ্টি কৰে৷ ড’ চাহুয়ে  বিকাশৰ দেহটো পৰীক্ষা কৰি পুণৰ মৃত বুলিয়েই ঘোষণা কৰে৷ কিন্তু ইমানৰ পিচতো নিহত যুৱক জনৰ লগত অহা একাংশ দুৰ্বৃত্তই চিকিৎসকৰ বিৰুদ্ধে অভিযোগ কৰে যে বিকাশ ৰাভা নামৰ যুৱক জনৰ মৃত্যু নহওতেই চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ তাৰ পিচতে উপ্তত্ত হৈ পৰে পৰিস্থিতি । অতি কম সময়ৰ ভিতৰতে চিকিৎসালয়ত বহু মানুহ গোট খায় আৰু চিকিৎসালয়ত আক্ৰমণ চলায়। ভাঙি চুৰ মাৰ কৰে চিকিৎসালয় খনৰ জৰুৰীকালীন কক্ষৰ  আচবাব আৰু দুৱাৰৰ গ্লাচ ৷ অকল তাতেই ক্ষান্ত নাথাকি কৰ্তব্যৰত ড’ জয়ন্ত চাহুক আক্ৰমণ কৰে ঠিক তেনে সময়তে আন এগৰাকী চিকিৎসক ড’ অপুৰ্ব বড়ো আহি পোৱাত তেওঁকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ দুয়োগৰাকী চিকিৎসকক আক্ৰমণ কৰে উত্তেজিত ৰাইজে৷ ড’ জয়ন্ত চাহুয়ে সংবাদ মাধ্যমক কোৱা মতে যদি সময়মতে ড’ অপূৰ্ব বড়ো আহি নাপায় তেতিয়া হয়তো দুধনৈতো চিকিৎসক হত্যাৰ দৰে ঘটনা ঘটিল হয়৷ চিকিৎসক দুগৰাকীয়ে অভিযোগ কৰা মতে  হতাহতি হোৱাৰ সময়ত চিকিৎসালয় খনত তিনি জন আৰক্ষী উপস্থিত আছিল যদিও কোনেও আৰক্ষীৰ বাধা মানা নাছিল ইয়াৰ বিপৰীতে আৰক্ষীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে দুৰ্বব্যহাৰ কৰিছিল। তাৰ পিছতে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মুকুট কাকতীয়ে  আৰক্ষীৰ জোৱান আৰু কামাণ্ডোৰ দুটা দ’ল সহ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ   কৰে ৷ এই আক্ৰমণত অপূৰ্ব বড়ো নামৰ চিকিৎসক জনক গ্লাচৰ টুকুৰাই আঘাতো কৰে ৷ উল্লেখ্য যে এই দুৰ্ঘটনা দুটাত যুৱক দুগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰ ভাবে আহত হয়  চাইকেল আৰোহী ক্ৰমে-ৰয়জুদ্দিন আলী, ইনচান আলী আৰু ৰংজুলি হাদীপাৰা গাওঁৰ পুজা ৰাভা নামৰ যুৱতী গৰাকী৷ যুৱতী গৰাকীক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰিছে৷ শেহতীয়া ভাবে দুধনৈ চিকিৎসালয় কৰ্তৃপক্ষই দুধনৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷ দুধনৈ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত কেচ নং-১১৬/১৯,. ধাৰা ২৯৪/৩২৩/৩৫৩/৪২৭/৫০৬/৩৪/IPC RW Saction 3(2)PDPP Act.1984 মৰ্মে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ইতিমধ্যে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীয়ে  ঘটনা সম্পৰ্কত বুজ লোৱাৰ বাবে দুধনৈত বাহৰ পাতিছে৷

Related Articles

Leave a Reply

Close