অসমশীৰ্ষ

দুধনৈ সমবায় সমিতিৰ ৪০ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

প্ৰথম খবৰ, দুধনৈ ,ভবেশ চন্দ্ৰ ভাগৱতী:দুধনৈ সমবায় সমিতি লিমিটেডৰ ২০১৯-২০২০ ইং বৰ্ষৰ সাধাৰণ সভাখন আজি অনুষ্ঠিত হৈ যায়, দুধনৈ জনমন্দিৰ সাংস্কৃতিক ভৱনৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত সভাপতিত্ব কৰে দুধনৈ সমবায় সমিতিৰ সভাপতি  গোৱিন্দ বসুমতাৰীয়ে ৷ উক্ত সভাত গোৱালপাৰা জিলা কো অপাৰেটিভ  চছাইটিৰ জ্যেষ্ঠ পৰিদৰ্শক ভূপেন ৰয়ে সভাত উপস্থিত থাকি দিনৰ ১১ বজাত বিভাগীয় নীতি নিয়ম  অনুসৰি সভাখন আৰম্ভ কৰে৷ দুধনৈ সভা সমিতিৰ সচিব গুণধৰ ৰাভাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ সম্পাদকীয়  প্ৰতিবেদন পাঠ কৰে৷  সভাত অংশীদাৰ ৰাইজৰ  সন্মতি প্ৰদানেৰে প্ৰতিবেদন গৃহিত হোৱাৰ পিচত হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে কৰ্মেশ্বৰ বড়োয়ে৷ সমবায় সমিতিৰ অংশীদাৰ সদস্য সদস্যা সকলৰ লগতে ৰাইজৰ পূৰ্ণ সহায় সহযোগিতাৰে আগবাঢ়ি যোৱা দুধনৈ সমবায় সমিতি খনে বৰ্তমান চৰকাৰৰ পৰা অন্তোদয়া অন্ন যোজনাৰ যাতায়তী খৰচৰ বাবদ  ৯,৪০,৪৫১ টকা, মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যাতায়তী খৰচৰ বাবদ ১৪,৩৬,৯৩৬ টকা,মধ্যাহ্ন ভোজন চাউল কঢ়িওৱাৰ বাবদ ৬,৫৯,৭৩৯ টকা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনিৰ ৪৭,৮৫,৬৩১ টকা সহ মুঠ ৭৮,২২,৭৫৭ টকা পাবলগীয়া হৈ থকাত বিভিন্ন উন্নয়ন মুলক কামত হাত দিব পৰা নাই যদিও ৭,৬০,৪৪১ টকা আয় কৰিব পাৰিছে৷ এয়া  অঞ্চলটোৰ বাবে শুভলক্ষণ৷ ইপিনে ২০১৫ চনত বিপিএল কাৰ্ডৰ চাউল আৰু এপিএল কাৰ্ডৰ চাউল আৰু কেৰাচিন তেল চৰকাৰে বন্ধ কৰি দিয়াত উক্ত কাৰ্ডত অংশীদাৰ সকলক সামগ্ৰী দিব পৰা নাই৷ আনহাতে যিসকল এপিএল কাৰ্ডৰ অংশীদাৰে ৰাষ্ট্ৰীয় সুৰক্ষা আঁচনিত অন্তৰ্ভুুক্ত হব পৰা নাই তেওঁলোক সমবায়ৰ অংশীদাৰ হিচাবে থাকিব৷ যদিহে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিত এপিএল কাৰ্ডৰ অংশীদাৰ ৰাইজক চাউল তেল আদি দিয়াৰ ব্যবস্থা কৰিব লাগে বুলিও বিভাগীয় কতৃপক্ষক স্মাৰক পত্ৰৰ জৰিয়তে অবগত কৰা হৈছে৷ বৰ্তমান দুধনৈ সমবায় সমিতিৰ অন্তৰ্গত মুঠ ৩২ গৰাকী এজেন্ট আছে৷ ইপিনে দুধনৈ সমবায় সমিতিৰ অংশীদাৰ সদস্য সদস্যা কাৰ্ডৰ পৰিমাণ হল এপিএল কাৰ্ড ৫৬৬৪ খন,এনএফএছএ ৭৫৬৪ খন মুঠ ১৩,২২৮খন কাৰ্ড আছে৷ আজিৰ সাধাৰণ সভাত বিত্তীয় বৰ্ষত ৰাহি হোৱা ধন কেনেকৈ খৰচ কৰা হব সেই সম্পৰ্কেও আলোচনা কৰা হয়৷ প্ৰায় ছয় শতাধিক সমিতিৰ সদস্য সদস্যা এজেন্ট আৰু ৰাইজ আদি উপস্থিত থকাৰ লগতে সমবায় সমিতিৰ উপ সভাপতি প্ৰণব খাখলাৰী,  গোৱালপাৰা সমবায় সমিতিৰ জেষ্ঠ্য সহায়ক, প্ৰণব মুছাহাৰী, অকণ বড়ো, কালিমোহন বড়ো, সঞ্জয় ৰাভা যতীন খাখলাৰী আৰু থুলেশ্বৰ কছাৰী উপস্থিত থাকে

Related Articles

Leave a Reply

Close