অসমবিনোদন

দুলিয়াজান, মাজুলী, দেৰগাঁৱত বিবাহিতা মহিলাৰ প্ৰতিভা প্ৰকাশৰ মঞ্চ ‘মন পখিলা’ৰ অডিশ্যন

প্ৰথম খবৰ:
অহা ১৩ চেপ্তেম্বৰত দুলিয়াজান ক্লাৱত, ২৩ চেপ্তেম্বৰত মাজুলীৰ কমলাবাৰীৰ মিলন সংঘত আৰু ২৯ চেপ্তেম্বৰত দেৰগাঁৱৰ সাহিত্য সভা ভৱনত “মন পখিলা” নামৰ বিবাহিতা মহিলাৰ প্ৰতিভা বিকাশৰ এক অনন্য মঞ্চৰ বাবে অডিশ্বনৰ আয়োজন কৰা হব। এই অডিশ্বনত বিভিন্ন অঞ্চলৰ বিবাহিতা মহিলাই বিভিন্ন প্ৰতিভা প্ৰৰ্দশন কৰিব পাৰিব।

এই মন মখিলাৰ চূড়ান্ত ৰাউণ্ড যোৰহাটত অহা অক্টোবৰত অনুষ্ঠিত হ’ব। ইতিমধ্যে এইখন মঞ্চৰ বাবে দুটা সফল অডিশ্বন হৈ যায় গোলাঘাট আৰু যোৰহাটত৷ “মন পখিলা”ৰ এক অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হৈছিল বিগত মে’ মাহৰ ৪ আৰু ৫ তাৰিখে। বিবাহিতা মহিলাৰ সুপ্ত প্ৰতিভাক উৎসাহ দি আগবঢ়াই নিবলৈ কিশ্মা ভেঞ্চাৰে এক অনন্য পদক্ষেপ হাতত লৈছে। যিসকল মহিলাই এতিয়াও অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে অডিশ্যনৰ বাবে প্ৰিয়া পেগুক 8399020037 নম্বৰত যোগাযোগ কৰিব পাৰিব। আহক, বিবাহিত মহিলাক কেৱল ৰান্ধনিঘৰত আৱদ্ধ কৰি নাৰাখি পোহৰৰ বাট দেখুৱাও মন পখিলাৰ জৰিয়তে৷

Related Articles

Leave a Reply

Close