অসমশীৰ্ষ

দুুুুধনৈত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা পথ যাতায়তৰ বাবে মুকলি কৰিলে বিধায়ক দীপক কুমাৰ ৰাভাই

প্ৰথম খবৰ, দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী :সমগ্ৰ বিশ্বত প্লাষ্টিকৰ আবৰ্জনাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতবৰ্ষত  প্লাষ্টিকৰ আবৰ্জনাক পথ নিৰ্মাণত ব্যবহাৰ কৰিবলৈ লোৱাত এক নতুন দিগন্তৰ সুচনা হৈছে৷ প্লাষ্টিকৰ আবৰ্জনাৰে পথ নিৰ্মাণ কৰা যুগান্তকাৰী পদক্ষেপত অসমো পিচ পৰি ৰোৱা নাই৷ পথ নিৰ্মাণৰ উন্নত প্ৰযুক্তিক আকোৱালী লৈছে অসমৰ গড়কাপ্তানী অভিযন্তা সকলে৷  প্লাষ্টিকৰ আৱৰ্জনাৰ ভয়াৱহতাৰ কথা ভাবি প্ৰদুষণে সংকটৰ সন্মুখলৈ ঠেলি দিয়া পৃথিৱী খনৰ কথা ভাবি মাদুৰাইৰ থাইগৰাজাৰ মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক “প্লাষ্টিক মেন” খ্যাত  ৰাজাগোপালন বাসুদেৱগনে পথ নিৰ্মাণত প্লাষ্টিকৰ আৱৰ্জনা ব্যবহাৰৰ প্ৰযুক্তি উদ্ভাৱন কৰিছিল৷ আমাৰ ব্যবহাৰিক জীৱনত সদায় ব্যবহাৰ হৈ থকা পানী বটল, চিপচৰ পেকেট, বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেট, পলিথিনৰ মোনা আদি বিটুমিনৰ লগত মিহলাই গৰম কৰি গলাই লৈ পকী পথ নিৰ্মাণত ব্যবহাৰ কৰা হয়৷ প্লাষ্টিকৰ পথ নিৰ্মাণত দ্বিতীয় স্থানত থকা গোৱালপাৰা জিলাত যোৱা ১০ চেপ্তেম্বৰত দুধনৈ দামৰা মেন্দিপথাৰ পথৰ পৰা নিচানগ্ৰাম সংযোগী প্লাষ্টিকেৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা  ১.৮ কিলোমিটাৰ দুৰত্বৰ এটি পথৰ শুভ উদ্বোধন কৰে ৩৬ নং দুধনৈ (জনজাতি)  বিধানসভা সমষ্টিৰ বিধায়ক দিপক কুমাৰ ৰাভাই৷ পথটোৰ শুভ উদ্বোধন কৰি  ৰাইজক উদ্দেশ্যি দিয়া ভাষণত কয় যে-গোৱালপাৰা জিলা গড়কাপ্তানী বিভাগৰ সহায় সহযোগিতাত ঠিকাদাৰ বনজিত ৰাভাই প্লাষ্টিক প্ৰযুক্তি ব্যবহাৰ কৰি নিৰ্মাণ কৰি উলিওৱা  এই পথছোৱাৰ প্ৰথমৰ এক কিলোমিটাৰ অংশ যোৱা ২০১৮ বৰ্ষত ৰাইজক যাতায়তৰ বাবে মুকলি কৰি দিয়াৰ পিছত বাকী ১.৮ কিলোমিটাৰ পথ ৰাইজৰ বাবে মুকলি কৰি দিবলৈ পাই আনন্দিত৷ বিধায়ক গৰাকীয়ে পুনৰ কয় যে উন্নত প্ৰযুক্তি ব্যবহাৰ কৰি দুধনৈ সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পথেই পকীকৰণ কৰিব৷ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ  এছওপিডি আঁচনিৰ অধীনত নিৰ্মাণ সম্পূৰ্ণ হোৱা ১.৮ কিলোমিটাৰ পথছোৱাত  সৰ্বমুঠ  খৰচ পৰিছে ৪২,৯৩,৩৩৭ লাখ টকা৷ প্লাষ্টিক পথ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি গোৱালপাৰা জিলা গড়কাপ্তানী বিভাগৰ নডেল বিষয়া বনজিৎ অধিকাৰীয়ে কয় যে তুলনামুলক ভাবে প্লাষ্টিকেৰে নিৰ্মাণ কৰা পথত খৰচ কম পৰে আনহাতে পথ নিৰ্মাণত প্লাষ্টিকৰ ব্যবহাৰ হোৱাৰ পৰা পেলনীয়া প্লাষ্টিকৰ আবৰ্জনাৰ যি ভয়াবহতা সেয়া যথেষ্ঠ পৰিমাণে কমি যায় লগতে পৃথিৱী খন প্ৰদুষণৰ পৰা ৰক্ষা পৰে ৷ বিটুমিনৰ লগত প্লাষ্টিক গলাই নিৰ্মাণ কৰা পথত  পানী নোসোমোৱাৰ ফলত ৰাস্তাটো বহুদিনলৈ ভালে থাকে৷ পথ উদ্বোধনী অনুস্থানত গোৱালপাৰা জিলা গড়কাপ্তানী বিভাগৰ অম্বৰীশ দত্ত, কোকিল কাশ্যপ, প্ৰাঞ্জল দাস, ধনজ্যোতি বড়ো, জিতুমনি পাটোৱাৰী, প্ৰণব কলিতা আৰু দুধনৈ সংমণ্ডলৰ সহকাৰী অভিযন্তা আব্দুল মতিন চৌধুৰী উপস্থিত থকাৰ উপৰিও নিচানগ্ৰাম গাওঁৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close