অসমশীৰ্ষ

দৰঙৰ ৰক্তদাতা শেখৰ মজুমদাৰলৈ দেওমৰনৈ বাঘৰ বাৰী ৰেনেছাঁ ক্লাৱৰ সম্বৰ্ধনা

প্ৰথম খবৰ,মঙলদৈ: মলদৈৰ উদীয়মান যুৱব্যৱসায়ী তথা শ্ৰেষ্ঠ ৰক্ত দাতা শেখৰ মজুমদাৰ লৈ দেওমৰনৈ বাঘৰবাৰী ৰেনেছাঁ ক্লাৱৰ তৰফৰ পৰা আৰু দৰং বৃক্ষৰোপণ সমিতিৰ তৰফৰ পৰা অহাকালি ২২ ছেপ্তেম্বৰৰ দিনা দেওমৰনৈ মহাবিদ্যালয়ত অনুষ্ঠিত হবলগা৷বৃক্ষৰোপন অনুষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠানত শেখৰ মজুমদাৰক বিশেষ ভাৱে সম্বৰ্ধনা আগবঢ়াব ৷প্ৰকাশ্য যে অতি স্ব নিৰ্ভৰ শীল ,সহজ সৰল অমায়িক শেখৰ মজুমদাৰে বৰ্তমানলৈ ৩৮ বাৰ ৰক্ত দান কৰি আৰ্ত জনক সহায় কৰাৰ উপৰিও বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত অসহায় লোক সকলক সহায় কৰাটো মজুমদাৰৰ এটি নিত্য কৰ্মৰ দৰে ৷আনহাতে ,মঙলদৈ ইউনীতি অৱ বাল্ডডণাৰ্চ স্বেচ্ছাসেৱী ৰক্ত দান কৰা অনুষ্ঠান টিৰ এগৰাকী মহান কৰ্মী ৷ ইয়াৰ উপৰিও মঙলদৈ ৰপৰা অধুনালুপ্ত সাপ্তাহিক ’নতুন প্ৰবাহ’ ৰ চাৰ্কুলেচন মেনেজাৰ পদ গ্ৰহণ কৰাৰ লগতে সাংবাদিক লেখক অশ্বিনীকুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত দুমহীয়া বাৰ্তালোচনী ’সুবাস’ৰ সহযোগী সম্পাদক আৰু বৰ্তমান প্ৰকাশিত হৈ থকা অশ্বিনীকুমাৰ শৰ্মাৰ সম্পাদনা প্ৰকাশিত পষেকীয়া বা্ৰ্তা পৰিক্ৰমাৰ সহ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে লগতে কেইবা খনো ছিৰিয়েলতো অভিনয় কৰি দৰ্শকৰ প্ৰশংসাবুটলিবলৈ সক্ষম হৈছে ৷মজুমদাৰলৈ এই বিশেষ সম্বৰ্ধনা আগবঢ়োৱা খবৰটিয়ে শেখৰ ৰ অনুগামী সকলক আনন্দিত কৰিছে ৷

Related Articles

Leave a Reply

Close