অসমশীৰ্ষ

নগাঁৱৰ ডিমৌত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কনভয় দু্ৰ্ঘটনাগ্ৰস্ত

প্ৰথম খবৰ ,বুলন চন্দ্ৰ নাথ ,ৰহা ,১২ছেপ্টেম্বৰ:
৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নিজ ডিমৌত আজি দিনৰ প্ৰায় এক বজাত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কনভয়টো দুৰ্ঘটণাত পতিত হয়।দুৰ্ঘটণাটোৰ ফলত কনভয়টোৰ এ এছ০২ইউ ৯২০৮নম্বৰৰ বলেৰ’ গাড়ী খন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় যদিও মন্ত্ৰী মহন্ত আৰু তেওঁৰ লগত যোৱা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।উল্লেখ্যযে,ডিমৌত ৰৈ থকা বলেৰ’ পিকআপ এ এচ ১২ এ চি ৬৩১৮ নম্বৰৰ ট্ৰাক এখনত মন্ত্ৰী মহন্তৰ কনভয়টোৰ বলেৰ’গাড়ী খনে খুন্দা মৰাৰ ফলত দুৰ্ঘটণাটো সংঘটিত হয়।
স্মৰ্তব্য যে , মন্ত্ৰী কেশৱ মহন্তই কনভয় সহ আজি গুৱাহাটীৰ পৰা বোকাখাত অভিমুখে গৈ আছিল । বেবেজীয়া আৰক্ষীয়ে দুয়োখন দূঘৰ্টনাত পতিত গাড়ীক ক্ৰেনৰ সহায়ত আৰক্ষী চকীলৈ নিয়ে ।
প্ৰেৰক , বুলন চন্দ্ৰ নাথ ,ৰহা ।।

Related Articles

Leave a Reply

Close