নলবাৰীশীৰ্ষ

নলবাৰীত অভিৰুচি ক্ৰীড়া দিৱস

প্ৰথম খবৰ ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী: অভিৰুচি আঞ্চলিক সমিতিৰ উদ্যোগত আজি নলবাৰীত উলহমালহেৰে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়৷ৰাতিপুৱা প্ৰথম কাৰ্যসূচী পুৰুষ-মহিলাৰ মাৰাথন দৌৰ সমাজসংগঠক জয়ন্ত হাজৰিকাই শুভ উদ্ভোধন কৰাৰ পিছতে সমূহীয়া দৌৰ উদ্ভোধন কৰে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীয়ে ৷ মাৰথন দৌৰত পুৰুষৰ শাখাত ছফিকুল ইছলাম (মিৰ্জা) প্ৰথম ৰবিন দাস(নলবাৰী) দ্বিতীয় আৰু ৰুদ্ৰেশ্বৰ ডেকাই(দৰং) তৃতীয় বটা লাভ কৰে৷মহিলাৰ শাখাত নলবাৰীৰ প্ৰেৰনা দেৱী প্ৰথম পৰিস্মিতা দাস দ্বিতীয় আৰু ৰাশী তামুলী তৃতীয় বটা লাভ কৰে৷ সমূমীয়া দৌৰত নলবাৰী জিলা কুংফু সন্থাই আৰু নিউ জুনিয়ৰ টাইকোৱানডো চেন্টাৰে প্ৰথম, গৰ্ডন ক্ৰিকেট একাডেমী আৰু হন’চন ইংলিছ স্কুলে দ্বিতীয়,এক্সিলেঞ্ছ টাইকোৱানডো চেন্টাৰ ,নলবাৰী ছোৱালী হাইস্কুল আৰু প্ৰৱীন ক্ৰিকেট সন্থাই তৃতীয় বটা লাভ কৰে। নলবাৰী অভিৰুচিৰ সম্পাদক চন্দন হালৈ আতঁ ধৰা অনুষ্ঠানতে এই বৰ্ষৰ ক্ৰীড়া পেঞ্চনাৰ ৰঞ্জিত বড়োৰ লগতে জিলাখনৰ ত্ৰিশ গৰাকী প্ৰবীন খেলুৱৈ আৰু ক্ৰীড়াসংগঠকক আজি আনুস্হানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Related Articles

Leave a Reply

Close