অসমনলবাৰীশীৰ্ষ

নলবাৰীত পোষণ অভিযানৰ গুৰুত্বপূৰ্ণ সভা সম্পন্ন

প্ৰথম খবৰ ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী:নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ অধীনত যোৱা পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে পোষণ অভিযান। এই উপলক্ষে আজি ৯ ছেপ্টেম্বৰৰ দিনা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয় । সভাত সমাজ কল্যাণ বিভাগৰ নলবাৰী জিলাৰ চুপাৰভাইজৰ , শিশু উন্নয়ণ প্ৰকল্প বিষয়া , জিলা সমাজ কল্যাণ বিষয়া সমন্বিতে শিক্ষা , জনস্বাস্থ্য কাৰিকৰী , স্বাস্থ্য , কৃষি , জিলা শ্ৰম বিভাগ , ক্ৰীড়া আদি বিভাগৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ লগত পোষণ মাহৰ কাৰ্যসূচীৰ সম্পৰ্কত তেওঁলোকৰ সন্মিলিত অংশগ্ৰহণ সম্পৰ্কে আলোচনা কৰা হয় ।

সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সুপুষ্টি আৰু সুস্বাস্থ্যৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হাতত লোৱা এই অভিলাষী পোষণ অভিযানত সমাজ কল্যাণ বিভাগৰ লগত আন আন বিভাগৰো যথেষ্ট কৰণীয় আছে । যেনেদৰে স্বাস্থ্য বিভাগৰ অধীনত ৰক্তহীনতাৰ বাবে ব্যৱস্থা , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত অনাময় ব্যৱস্থা , শিক্ষা বিভাগৰ অধীনত সুপুষ্টি আৰু সুস্বাস্থ্যৰ শিক্ষা আদি ক্ষেত্ৰত ব্যৱস্থা ল’ব পৰা যায় । তদুপৰি সুষম আহাৰ আৰু পৰিস্কাৰ পৰিচ্ছন্নতাই সমাজখনক বিভিন্ন বেমাৰ -আজাৰ আদিৰ পৰা দূৰত ৰাখি দেশৰ উন্নয়ত আগবাঢ়ি যাব পাৰে ।
উপায়ুক্ত চৌধুৰীয়ে ইয়াৰ বাবে বিভিন্ন বিভাগৰ তৃণমূল কৰ্মী যেনে আশা কৰ্মী , অংগনবাড়ী কৰ্মীয়ে সন্মিলিতভাৱে ঘৰে ঘৰে গৈ এই পোষাণ মাহৰ উদ্দেশ্য অৱগত কৰাৰ বাবে নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও বাটৰ নাট , পুতলা নাচ , ওজাপালি আদিৰ মাধ্যমেৰে জনসাধাৰণক পোষণ মাহৰ উদ্দেশ্য জ্ঞাত কৰিলে ফলপ্ৰসূ হ’ব বুলি তেওঁ মত পোষণ কৰে । তেনেদৰে বিভিন্ন থলুৱা খেল অনুষ্ঠিত কৰি সমাজখনৰ লোকসকলক সুস্বাস্থ্যৰ অধিকাৰী কৰিব পৰা যায় ।
এই পোষণ অভিযানৰ কাৰ্যসূচীত বিধায়ক , গাঁও পঞ্চায়তৰ সভাপতি বা সদস্যকো জড়িত কৰিলে আশানুৰূপ ফল পাব পৰা যাব বুলিও উপায়ুক্তগৰাকীয়ে কয় ।
সভাত পোষণ মাহৰ উদ্দেশ্য সফল কৰাৰ বাবে সভাত উপস্থিত বিষয়াসকলক উপায়ুক্তগৰাকীয়ে সুস্বাস্থ্যৰ শপত বাক্য পাঠ কৰোৱায় ।
সভাত জিলা উন্নয়ন আয়ুক্ত অশ্বিনী কুমাৰ দলে , নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মধুসূদন নাথ , সহকাৰী আয়ুক্ত মনজুৰ ইলাহী বৰভূঞা আৰু বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close