অসম

নলবাৰীৰ জাপি শিল্পৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা ,নলবাৰী ,১২ ছেপ্তেম্বৰ – নলবাৰী জিলাৰ বাহঁজানীৰ তিলানা যুৱক সংঘৰ উদ্যোগত জিলাখনৰ জাপি শিল্প আৰু শিল্পী সকলৰ উন্নয়নৰ দাবীত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰা হয়। উপায়ুক্তই সংঘৰ কাৰ্যকৰ্তা সকলক মুখ্যমন্ত্ৰীলৈ পথোৱাৰ দিহা কৰা হব বুলি আশ্বাস দিয়ে। সংঘৰ উপদেষ্টা জিতেন কলিতা, সভাপতি ধৰনীধৰ তামুলী,উপ সভাপতি দূৰ্গা কলিতা, সাধাৰণ সম্পাদক অৱনী কলিতা,সহ সম্পাদক নিহাৰ ভৰালী,বনজিৎ কলিতা,কোষাধ্যক্ষ প্ৰকাশ কলিতা,বিষয়ববীয়া অতুল কলিতা,ভূপেন তামুলী,জোন কলিতা, ভবেশ কলিতা, ভূদেৱ কলিতা, জ্যোতিষ কলিতা, মনোজ কলিতা,জয়ন্ত কলিতা সহ বহুকেইজনক তৎপৰতাত এটি সজাতি দলে এই স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰত তিলানা যুৱক সংঘই উল্লেখ কৰা মতে নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ তিলানা, বালামুগকুছি, সুতাৰকুছি, দীঘেলি আদি বৃহত্তৰ গাঁও অঞ্চলটোত ৮০ শতাংশৰো অধিক লোকে অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ প্ৰাণৰ স্বৰূপ জাপি শিল্পৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত আৰু ইয়াৰ জৰিয়তে বহু পৰিয়ালে জীৱন সংগ্ৰাম চলাই আছে যদিও বাস্তৱত শিল্পটোৰ দিশত কৰ্তৃপক্ষই গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে। তদুপৰি জাপি শিল্পটোৰ উন্নয়ন আৰু শিল্পীসকলক চৰকাৰী ভাবে শিল্পীৰ মৰ্য্যদা আজিলৈকে দিয়া নোহোৱাত সংঘই ক্ষোভ প্ৰকাশ কৰে। এই ক্ষেত্ৰত যোৱা ২১ জুনত এখন সংবাদ মেল দি বাতৰি কাকত আৰু টিভি চেনেল যোগে প্ৰচাৰ কৰাৰ লগতে চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰাৰ দিহা কৰা হৈছিল। উক্ত সংবাদ মেলত দুইশৰো অধিক জাপি শিল্পটোৰ লগত কৰ্মৰত লোকে শিল্পটোৰ তথৈবচ অৱস্থা আৰু চৰকাৰী সাহায্য অবিহনে যে জাপি শিল্পটো মৃত্যুৰ দিশে আগবঢ়া সহ সমস্ত কথা বৰ্ণনা কৰিছিল। আনকি শাৰীৰিক ভাবে সক্ষম ব্যক্তি এগৰাকীয়ে সংবাদ মেলত তেওঁৰ চাৰিজনী পৰিয়ালটোৰ জাপি শিল্পীৰ কৰ্ম কৰি দৰিদ্ৰতাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল তাকো দাঙি ধৰিছিল আৰু এগৰাকী ৭০ বছৰৰ উৰ্ধৰ মহিলাই ও তেওঁ কেনেদৰে জাপি শিল্পটোৰ লগত দীৰ্ঘদিনে জৰিত থাকি পৰিয়াল চলাই আছিল তাকো বৰ্ণনা কৰে। কিন্তু আজিলৈকে চৰকাৰৰ কোনো সঁহাৰি লাভ নকৰাত তিলানা যুৱক সংঘই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সম্প্ৰতি স্মাৰক পত্ৰ যোগে পুনৰ চৰকাৰ তথা মুখ্যমন্ত্ৰীক অৱগত কৰাৰ প্ৰয়াস কৰাৰ লগতে এই স্মাৰক পত্ৰ লাভ কৰি জাপি শিল্পটোৰ উপৰি শিল্পী সকলৰ উন্নয়নৰ প্ৰতি চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকীয়ে
সহানুভূতিৰে চাই এটি আশাপ্ৰদ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে তিলানা যুৱক সংঘই।

Related Articles

Leave a Reply

Close