অসমনলবাৰীশীৰ্ষ

নলবাৰী টাউন মণ্ডল বিজেপিৰ সাংগঠনিক নিৰ্বাচনী কৰ্মশালা সম্পন্ন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা ,নলবাৰী:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নলবাৰী জিলাটো বিজেপিৰ সাংগঠনিক নিৰ্বাচনী তৎপৰতা ইতিমধ্যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা,দলটোৰ জিলাখনৰ সাংগঠনিক নিৰ্বাচনৰ দ্বায়িত্বত থকা ৰাজ্যিক কিষাণ মৰ্চাৰ সভাপতি প্ৰাণ কুমাৰ দাস,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা আৰু সদস্য ভৰ্তি অভিযানৰ জিলা প্ৰমুখ অপূৰ্ব শৰ্মা সহ জিলা,মণ্ডল আৰু বুথ সমিতিৰ নেতৃত্বত সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া তীব্ৰ গতিত আৰম্ভ হৈছে ।

আজি সন্ধিয়া নলবাৰী টাউন মণ্ডল বিজেপিৰ সাংগঠনিক নিৰ্বাচনী কৰ্মশালা খন জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। মণ্ডলৰ সভাপতি জয়ন্ত বুজৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মশালাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক জোন কুমাৰ বৰ্মনে। কৰ্মশালাত জিলাখনৰ সাংগঠনিক নিৰ্বাচনী দায়িত্বত থকা ৰাজ্যিক নেতা প্ৰাণ কুমাৰ দাস,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, সম্পাদক তৌফিকুল হক চৌধুৰী,জিলা সদস্য ভৰ্তি অভিযানৰ প্ৰমুখ অপূৰ্ব শৰ্মা, অ বি চি মৰ্চাৰ জিলা সভাপতি ধনমণি দাস, জ্যেষ্ঠ নেতা যজ্ঞেশ্বৰ বুজৰবৰুৱা, টাউন মণ্ডলৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ মালাকৰ সহ দলৰ বহুসংখ্যক নেতা -কৰ্মী উপস্থিত থাকে। সভাত ৰাজ্যিক নেতা প্ৰাণ কুমাৰ দাসে ভাষনত কয় যে আমাৰ দলৰ নীতি আদৰ্শ আছে। সেই ভিত্তিত হে ঐক্যবদ্ধ হৈ সকলো পৰ্যায়ৰ সমিতি গঠন কৰাৰ বাবে আহ্বান জনায়। জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষনত কয় যে আমি সকলোৱে এটা পৰিয়ালৰে। গতিকে আলাপ আলোচনাৰ আৰু দলৰ আদৰ্শ আগত ৰাখি সাংগঠনিক নিৰ্বাচনী কাম কাজ কৰিব লাগিব বুলি দোহাৰে ।

Related Articles

Leave a Reply

Close