অসমশীৰ্ষ

নলবাৰী সমষ্টিত সদস্য ভৰ্তিৰ তথ্য সন্নিৱিষ্ট প্ৰক্ৰিয়া সম্পন্ন

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা,নলবাৰী:নলবাৰী সদৰ বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ জিলা সমিতিৰ অন্তৰ্গত আই টি চেলৰ সহযোগত চলা সক্ৰিয় সদস্য ভৰ্তি অভিযানৰ তথ্য সন্নিৱিষ্ট কামৰ আজি জিলা কাৰ্যালয়ত সামৰণি পৰে। মনকৰিবলগীয়া যে সদৰ সমষ্টিটোত বিগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ৰাজহাড় শাসকীয় বিজেপি দলৰ লগত বেয়াকৈ ভাঙি গৈছে। যাৰ বাবে আজিও কংগ্ৰেছে ৰাজহাড় পোনাবলৈ সক্ষম নোহোৱাৰ বিপৰীতে শাসকীয় দলটোই সদস্য ভৰ্তি অভিযানেৰে তীব্ৰ গতিত সাংগঠনিক কাম কাজ আৰম্ভ কৰি আগবাঢ়ি যোৱাই নহয় আগত পৌৰসভা নিৰ্বাচনলৈ একপ্ৰকাৰ সাজু হোৱা পৰিলক্ষিত হৈছে। আনকি ৰাজ্য চৰকাৰৰ সহযোগী দল অগপৰো জিলা তথা নলবাৰী সমষ্টি সমিতিৰ উদ্যোগতও সাংগঠনিক কাম কাজৰ তৎপৰতা আৰম্ভ কৰিছে। কিন্তু কংগ্ৰেছ দলৰ নলবাৰী সমষ্টিৰ নেতা বুলি জহাই থকা প্ৰদ্যুত কুমাৰ ভূঞা আৰু ভূঞাক তৈলমৰ্দন কৰি চলি থাকি দলৰ ভবিষ্যত নভবা এচামৰ ৰাজনৈতিক অপৰিপক্কতা আৰু নিজেই সৰ্বোচ্চ হোৱা বাবেই পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বেয়াকৈ মুখঠেকেচা খোৱাই নহয় সাংগঠনিক দিশত বিধ্বস্ত হৈ পৰা বুলি দলটোৰ সচেতন কৰ্মীৰ পৰাই অভিযোগ উত্থাপন হোৱাৰ লগতে ৰাজনৈতিক মহলত চৰ্চা হৈছে। ইয়াৰ বিপৰীতে শাসকীয় বিজেপি দলৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,

পৌৰসভা সভানেত্ৰী বিপাশা দাস,জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা,উপ সভানেত্ৰী আৰতি বৈশ্য,
সাধাৰণ সম্পাদক পুলক শৰ্মা,অঞ্জন শৰ্মা,সম্পাদক তৌফিকুল হক চৌধুৰী, দিলজিৎ বৰ্মন,কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত,মিডিয়া চেলৰ আহ্বায়ক জোন কুমাৰ বৰ্মন, সদস্য ভৰ্তি অভিযানৰ জিলা প্ৰমুখ অপূৰ্ব শৰ্মা,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক প্ৰতুল কলিতা, জিলা যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকা,সম্পাদক মনোজ বৰ্মন,টাউন মণ্ডলৰ সভাপতি জয়ন্ত বুজৰবৰুৱা,সাধাৰণ সম্পাদক হৰেকৃষ্ণ মালাকৰ,পূৱ নলবাৰী মণ্ডল সভাপতি জয়ৰাম বৰ্মন,সাধাৰণ সম্পাদক ভূপেন ডেকা, কোষাধ্যক্ষ কিশোৰ কলিতা,জ্যেষ্ঠ নেতা বিনোদ তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি মৃদুল কলিতা,সাধাৰণ সম্পাদক ডিম্বেশ্বৰ বেজবৰুৱা,চন্দন ডেকা,জিলা আই টি চেলৰ বিষয়ববীয়া -কাৰ্যকৰ্তা ক্ৰমে কৰিশ্মা অধিকাৰি, মৃদুস্মিতা শৰ্মা,দিপাশ্ৰী দত্ত,পৰাগ চক্ৰৱৰ্তী,অঞ্জন শৰ্মা, নিহাৰ ভৰালী,অৰুপ কলিতা,ৰাজীৱ বৰুৱা, জিন্টু শৰ্মা,মৃদুপৱন ভূঞা, কৌকিল দত্ত,জিন্টুমণি দাস,সঞ্জীৱ হালৈ,বিপ্লবানন্দ শৰ্মা,বিতুপন শৰ্মা, অংকুৰ বৰ্মন,হীৰক দাস,গৌতম বৰুৱা,দিগন্ত ৰাজবংশী,মানৱ বৰ্মন,প্ৰাণজিৎ বৰ্মন,নিতুমণি দাস,কৌস্তভ শৰ্মা,ভবেশ কলিতা, নৱ বৰ্মন,সক্ৰীয় যুৱ নেতা প্ৰণৱ কুমাৰ ডেকা সহ সমূহ আই টি চেলৰ কাৰ্য কৰ্তা আৰু সমষ্টিটোৰ পঞ্চায়ত প্ৰতিনিধি,পৌৰসভাৰ কমিছনাৰ সকলৰ কঠোৰ পৰিশ্ৰমেৰে সাংগঠনিক দিশত দিনে নিশাই লাগি পৰাৰ লগতে নলবাৰী সমষ্টিৰ সক্ৰীয় সদস্য ভৰ্তি অভিযানৰ কাম কাজ আই টি চেলৰ সহযোগত সম্পন্ন কৰে। সক্ৰীয় সদস্য ভৰ্তি প্ৰক্ৰিয়া সন্দৰ্ভত বিধায়ক অশোক শৰ্মাই কয় যে নলবাৰী সমষ্টিত উন্নয়ন বিকাশৰ গতি লৈছে। যথাসাধ্য চেষ্টা কৰি আছো বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ মাজেৰে আৰু এই কামত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শত সম্ভৱ হৈছে। যাৰ বাবে সমষ্টিৰ সাধাৰণ জনতাই বিজেপিৰ প্ৰতি আস্থা ৰাখিছে বুলি দোহাৰে ।

Related Articles

Leave a Reply

Close