অসমশীৰ্ষ

পালচাৰ বাইক নোপোৱাৰ বাবেই ঘটিল অঘটন

প্ৰথম খবৰ ,ওদালগুৰি:এক উদন্দ পুত্ৰৰ হাতত প্ৰান হল পিত্ৰিৰ।এখন পালচাৰ বাইকৰ বাৱেই মৰিয়াই হত্যা কৰিলে পিত্ৰিক।ঘটনাটো সংঘটিত হয়ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ভালুকমাৰীত ।আজি পুৱা সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো। জানিব পৰা মতে গাওঁখনৰ আদৰ্শ কৃষক নেবাৰাম নাৰ্জাৰীৰ(৫১)ৰ পুত্ৰ নৱম শ্ৰেণীত অধ্যয়ণৰত অমৃত নাৰ্জাৰী(১৭)য়ে দীৰ্ঘদিন ধৰি পিতৃক দাবী কৰি আহিছিল পালছাৰ-২২০ মটৰ চাইকেল। কিন্তু দৰিদ্ৰ পিতৃ গৰাকীয়ে পুত্ৰৰ এই দাবী পুৰণ কৰিবলৈ অসামৰ্থ হোৱাত পৰৱৰ্তী সময়ত টকা জমা কৰি পুত্ৰক মটৰ চাইকেল ক্ৰয় কৰি দিয়াৰ আশ্বাস দিছিল। কিন্তু পিতৃৰ এই আশ্বাসত আশ্বস্ত হব পৰা নাছিল পুত্ৰ অমৃতে। ইয়াৰ পাছত দুয়ো পিতৃ-পুত্ৰৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা বাক বিতণ্ডাৰ পৰিণতিত আজি পুৱা প্ৰায় ৭-৩০ মান বজাত পুত্ৰ অমৃত দৈমাৰীয়ে নিজ গৃহতে থকা কৃষি কৰ্মত ব্যৱহৃত লোৰ সজুলিৰে পিতৃৰ মুৰত প্ৰহাৰ কৰাত ঘটনাস্থলীতে পিতৃগৰাকীৰ মৃত্যু ঘটে। পাছত হত্যাকাৰী পুত্ৰগৰাকীক স্থানীয় ৰাইজে কৰায়ত্ব কৰি ৰৌতা আৰক্ষীক গতাই দিয়ে। ৰৌতা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১৩২/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে। ইপিনে মৃত লোকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ওদালগুৰি অসামৰিক চিকিৎসালয়ত সম্পন্ন কৰি পৰিয়ালৰ লোকক গতাই দিয়ে। জানিব পৰা মতে মৃত লোকজন তিনিগৰাকী কন্যাসন্তান আৰু এগৰাকী পুত্ৰ সন্তানৰ পিতৃ। হত্যাকাৰী অমৃত নাৰ্জাৰী আছিল কণিষ্ঠ একমাত্ৰ সন্তান। ৰৌতা আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে বিভিন্ন নিচা জাতীয় দ্ৰব্য সেৱন কৰি আহিছিল ধৃত হত্যাকাৰী পুত্ৰ অমৃত নাৰ্জাৰীয়ে। এনে নিচা জাতীয় দ্ৰব্য সেৱন কৰি অহাৰ ফলত মানসিক ভাৱে অসুস্থ হৈ এনে ধৰণৰ কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ইফালে মৃত নেবাৰাম নাৰ্জাৰী আছিল এগৰাকী আদৰ্শ খেতিয়ক। বিগত কিছু বছৰ পূৰ্ৱে ওদালগুৰি জিলা প্ৰশাসনে লোকজনক আদৰ্শ কৃষকৰ বটাঁও প্ৰদান কৰিছিল। লোকজনৰ মৃত্যুত সমগ্ৰ ৰৌতা অঞ্চলতে শোকৰ ছা পৰাৰ লগতে পুত্ৰৰ হাতত পিত্ৰি নিহত হব লগা ঘটনাটোৱে অবিভাৱকক সকলক চিন্তিত কৰি তুলিছে।

Related Articles

Leave a Reply

Close