অসমশীৰ্ষ

প্ৰতীক হাজেলা মুৰ্দাবাদ ধ্বনিৰে উত্তাল ডিমাকুছি:চিবিআই তদন্তৰ দাবী বঙালী দল-সংগঠনৰ

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি:প্ৰকৃত ভাৰতীয় হিন্দু নাগৰিকৰ নাম এনআৰছিৰ চুড়ান্ত তালিকাত প্ৰকাশ নোপোৱাত জাঙুৰ খাই উঠিছে বঙালী সম্প্ৰদায়ৰ দল-সংগঠন৷ আজি ডিমাকুছিত সদৌ বিটিচি অনুসুচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ছাত্ৰ সংগঠন৷ সদৌ বিটিচি অনুসুচীত জাতি ছাত্ৰ সন্থা, বঙালী টাইগাৰ ফৰ্চৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত উপস্থিত থাকি বিটিচি অনুসুচীত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা স্বপন দাসে কয় এনআৰচিক ধ্বংস কৰি এৰিলে প্ৰতীক হাজেলাই৷ এইখন হিন্দুস্তানতে হিন্দু নাগৰিকক বিদেশী সজোৱা প্ৰতীক হাজেলাই বিদেশী নাগৰিকৰ নামহে এন আৰ ছিৰ চুড়ান্ত তালিকাত প্ৰকাশ কৰিলে৷ এনআৰচি প্ৰকাশৰ নামত কোটি কোটি টকা খৰছ কৰাৰ পিছতো শুদ্ধ এনআৰছি প্ৰকাশ নাপালে৷ এনআৰচিৰ নামত প্ৰতীক হাজেলাই কোটি কোটি টকা কত ব্যৱহাৰ কৰিলে তাৰ চিবিআই তদন্তৰ দাবী জনায়৷ প্ৰতিবাদী সভাত উপস্থিত থাকি সদৌ বিটিচি অনুসুচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ সৰকাৰে অতি ক্ষোভেৰে কয় হিন্দু বাঙালীক বিদেশী সজোৱা প্ৰতীক হাজেলাই বিদেশী নাগৰিকক থিতাপি দিবলৈ লাগিছে৷ প্ৰতিবাদী সভাত হাজাৰ-হাজাৰ লোকে প্ৰতীক হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলা হুছিয়াৰ, বিদেশীৰ ৰক্ষক প্ৰতীক হাজেলাৰ চিবিআইৰ তদন্ত কৰক আদি শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে৷

Related Articles

Leave a Reply

Close